পাঠশালা, 4 জুন : শিক্ষানগৰী পাঠশালাৰ বুকুত 1955 চনত কামেশ্বৰ দাসে প্ৰতিষ্ঠা কৰা উচ্চ শিক্ষাৰ অন্যতম প্ৰতিষ্ঠান বজালী মহাবিদ্যালয়খন ৰাজ্য চৰকাৰে ভট্টদেৱ বিশ্ববিদ্যালয়লৈ উন্নীত কৰিছে যদিও আজিলৈ কিন্তু এই প্ৰস্তাৱিত বিশ্ববিদ্যালয়খনত উপাচাৰ্য নিযুক্তিকে ধৰি আন্তঃগাঁথনি এশ এবুৰি সমস্যা ৷ প্ৰায় তিনি হাজাৰ ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা উচ্চ শিক্ষানুষ্ঠানখনত সম্প্ৰতি শিক্ষকৰ বহু পদ খালী হৈ থকাত সৃষ্টি হৈছে ব্যাপক সমস্যাৰ ৷ কেৱল শিক্ষকৰ সমস্যাই নহয় কৰ্মচাৰীৰো বহু পদ খালী হৈ আছে মহাবিদ্যালয়খনত ৷ শিক্ষক কৰ্মচাৰীৰ সমস্যাৰ মাজতে বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱনকে ধৰি মহাবিদ্যালয়খনত লোকসভা নিৰ্বাচনৰ বাবে বজালী মহকুমা প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষ হিচাপে আজিলৈ ব্যবহাৰ কৰি থকাত সমস্যাৰ সৃষ্টি হৈছে মহাবিদ্যালয়খনত ৷
সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয় - ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়
বহু সংখ্যক শিক্ষক-কৰ্মচাৰীৰ পদ খালী বজালী মহাবিদ্যালয় ৷ বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীত হোৱাৰ পাচতো উপাচাৰ্য নিযুক্তিকে ধৰি আন্তঃগাঁথনিৰ কাম আগবঢ়া নাই মহাবিদ্যালয়খনত ৷
সমস্যাৰে ভাৰাক্ৰান্ত ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়
23 মে'ত ভোট গণনা সম্পন্ন হৈ যোৱাৰ আজি এঘাৰ দিন অতিক্ৰম কৰিলে যদিও প্ৰশাসনে খালী কৰি দিয়া নাই বজালী মহাবিদ্যালয়ৰ বিজ্ঞান ভৱন ৷ যাৰ বাবে ছাত্ৰ ছাত্ৰী সকলৰ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ ইপিনে মহাবিদ্যাখনৰ অধ্যক্ষাই প্ৰশাসনক বাৰম্বাৰ অনুৰোধ কৰিও লাভ কৰা নাই সুফল ৷ উপাচাৰ্য নিযুক্তি দিয়াৰ পাচতো ক'ত বহিব উপাচাৰ্য তাৰো স্থান সুনিৰ্দিষ্ট হোৱা নাই মহাবিদ্যালয়খনত ৷ কিন্তু ঐতিহ্যপূৰ্ণ বজালী মহাবিদ্যালয়খনত কেতিয়া আৰম্ভ হ'ব উপাচাৰ্য নিযুক্তিকে ধৰি আন্তঃগাঁথনিৰ কাম ৷