বৰপেটাৰোড, ২৪ এপ্ৰিল :চৰ্চাতবৰপেটাৰোডকাণ্ড ৷ বৰপেটাৰোডত মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হোৱা লোকৰ বিৰুদ্ধে কঠোৰ আৰক্ষী ৷ মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰা ১০ টাকৈ দুৰ্বৃত্তক আটক কৰে আৰক্ষীয়ে (Barpeta sex racket moral police incident) ৷
বৰপেটাৰোডৰ ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলহভাংগাৰ চাইনবৰ্ড’ৰ সমীপৰ এখন ধাবাত দেহ ব্যৱসায় চলাই থকাৰ অভিযোগতে দেওবাৰে স্থানীয় একাংশ যুৱকে দুগৰাকী যুৱতীক নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল ৷ আনকি উত্তেজিত একাংশ যুৱকে মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হৈ আইন নিজৰ হাতত তুলি যুৱতী দুগৰাকীৰ লগতে কেইবাজনো যুৱকক উপৰ্যুপৰি প্ৰহাৰ কৰা কাৰ্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ বাতৰি যুগুত কৰা পৰলৈকে আৰক্ষীয়ে সোমবাৰে অভিযান চলাই বৰপেটাৰ বিভিন্ন স্থানৰ পৰা এই ঘটনাৰে জড়িত ১০ টাকৈ অভিযুক্তক আটক কৰিবলৈ সক্ষম হয় (Police Arrest 10 Moral Police in barpeta) ৷
গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্ত কেইটা ক্ৰমে ছানিদুল ইছলাম (২৭), বিলাত হুছেইন (৩১), আমিৰ হুছেইন (৩৩), আলমগীৰ আলী (৩৬), আক্কাছ আলী (২৮),শ্বাকিবুল হুছেইন (২০), ছাদ্দাম হুছেইন (৩০), জাহিদুল ইছলাম (২৯), আবুল হুছেইন (৪০) আৰু আব্দুল লতিফ (৩৪) বুলি জানিব পৰা গৈছে (Police Arrest 10 Moral Police Who Beat Male and Female) ৷