জনীয়া, 29 জুন:এক হৃদয়বিদাৰক ঘটনা ৷ ভেলেঙী নৈয়ে ধাৰণ কৰা কালৰূপত এতিয়া ত্ৰাহি মধুসূদন দেখিছে নৈ পৰীয়া ৰাইজে । নৈৰ গৰাখহনীয়াত চকুৰ পলকতে নিজৰ ঘৰ-বাৰী হেৰুৱাই কান্দোনত ভাগি পৰিল এটা পৰিয়াল (Many families lost their homes in erosion in Jania)৷ চকুৰ আগতেই চপৰা চপৰে খহি পৰিল আটোম-টোকাৰিকৈ নিৰ্মাণ কৰা নিজৰ আপোন ঘৰখন । ৮০ উৰ্ধৰ এগৰাকী আইতাৰ লগতে তেওঁৰ নাতিনীয়েকে কান্দি কান্দি বৰ্ণনা কৰিলে তেওঁলোকৰ দুৰ্দশাৰ কথা । এতিয়া তেওঁলোক কত থাকিব, কি খাব, কলৈ যাব- এনে বিভিন্ন চিন্তাৰে এতিয়া কান্দোনত ভাগি পৰাৰ লগতে চকুলোৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে ।
বানৰ সমান্তৰালকৈ সৃষ্ট গৰাখহনীয়াৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হৈছে (Erosion in Assam) ৷ ঠায়ে ঠায়ে নৈৰ গঢ়াখহনীয়াই উটুৱাই নিছে বহু পৰিয়ালৰ ঘৰ-বাৰী তথা সা-সম্পত্তি ৷ ৰাজ্যত হৈ থকা প্ৰবল বানৰ সমান্তৰালকৈ ভেলেঙী নৈতো দেখিবলৈ পোৱা গৈছে বান-গৰাখহনীয়া । বাঘবৰ সমষ্টিৰ অন্তৰ্গত সত্ৰকনৰা গাঁৱৰ ৫ নং ছীটত নৈখনে ধাৰণ কৰিছে কালৰূপ ৷
বিগত দহ দিনত ১৫ টা পৰিয়ালৰ গৃহ ভেলেঙী নৈৰ প্ৰৱল গৰাখহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে ৷ মঙলবাৰে সন্ধিয়া খহনীয়াৰ কৱলত পৰে তাৰা মিঞা নামৰ ব্যক্তিজনৰ ঘৰৰ ভেটি । কিন্তু স্থানীয় ৰাইজৰ তৎপৰতাত ঘৰৰ আঁচবাব পত্ৰ সমূহ সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰিবলৈ সক্ষম হ’ল বচাব নোৱাৰিলে ঘৰখন ৷ এতিয়া তেওঁলোকে ক’ত আশ্ৰয় ল’ব, কি খাব সেই কথা ভাবিয়ে উপায়হীন হৈ কান্দোনত ভাগি পৰিছে পৰিয়ালটো ৷