বৰপেটা, ১ ফেব্ৰুৱাৰী : আহি আছে অসমৰ পৌৰসভা নিৰ্বাচন (Assam municipal election 2022)। তাৰ প্ৰাকক্ষণত বৰপেটা কংগ্ৰেছত বৃহৎ খহনীয়া । বহু কৰ্মীয়ে ত্যাগ কৰিলে কংগ্ৰেছ দল । বৰপেটাৰ হাউলীত জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক খাইৰুল ইছলাম, ছাহজাহান আলীৰ নেতৃত্বত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান (Many Congress workers from Howley joined BJP)৷
পৌৰসভা নিৰ্বাচনৰ পূৰ্বে বৰপেটা জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে এইদৰে বিজেপিত যোগদান কৰাৰ লগে লগে জিলাখনত ব্যাপক চৰ্চা হৈছে । আনহাতে পৌৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ আৰু বহু নেতা-কৰ্মীয়ে দল এৰি বিজেপিত যোগদান কৰিব বুলিও সদৰি কৰে জিলা কংগ্ৰেছৰ পদত্যাগী নেতা খাইৰুল ইছলামে ৷ বিশেষকৈ ধৰ্মীয় সংখ্যালঘু অধ্যুষিত হাউলী নগৰ সমিতিখন এইবাৰ বিজেপিয়ে লাভ কৰিব বুলিও দাবী কৰে নেতাগৰাকীয়ে ৷ বিশেষকৈ উন্নয়ন আৰু নিৰাপত্তাৰ স্বাৰ্থত মুছলমান লোকসকলে বিজেপিত যোগদান কৰিব বুলিও কয় বিজেপি যোগ দিয়া নেতাকেইজনে ৷
হাউলীত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান ইফালে বিজেপি নেতা তথা বৰপেটা জিলাৰ প্ৰভাৰী জয়ন্ত দাসে পৌৰ নিৰ্বাচনক লৈ প্ৰকাশ কৰিলে দলীয় ৰণকৌশলৰ কথা ৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্থানীয় পৌৰ স্তৰত অগপ বা মিত্ৰদলৰে আসন বুজাবুজি হ'ব বুলি ঘোষণা কৰিছে যদিও এই ঘোষণাৰ প্ৰকৃত ৰহস্য ফাদিল কৰিলে বিজেপি নেতা জয়ন্ত দাসে ৷ জয়ন্ত দাসে কয় যে যিবোৰ আসনত বিজেপি জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই তেনে আসনবোৰ হে এৰি দিয়া হ'ব অগপ বা আন মিত্ৰ দলৰ প্ৰাৰ্থীক ৷
অৰ্থাৎ বিজেপি জয়ী হ'ব পৰা কোনো এখন আসনো এৰি দিয়া নহ'ব মিত্ৰদল অগপ বা আন দলক ৷ পৌৰ নিৰ্বাচনত যাতে কংগ্ৰেছ জয়ী হ'ব নোৱাৰে তাৰ বাবেহে বিজেপিৰ জয়ৰ সম্ভাৱনা নথকা আসন এৰি দিয়া হ'ব অগপক ৷ পৌৰ নিৰ্বাচনত বিজেপিয়ে বৰপেটাৰ ৫ খন পৌৰ আৰু নগৰ সমিতি দখল কৰিব বুলিও দাবী কৰে জয়ন্ত দাসে ৷ তেওঁৰ দাবী কংগ্ৰেছত থকা তৃণমূলৰ অৱশিষ্ট নেতা-কৰ্মীসকলে অচিৰেই বিজেপিত যোগদান কৰিব আৰু কংগ্ৰেছৰ ভৱিষ্যত নাই বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক :জনসংখ্যা নিয়ন্ত্ৰণ বিলক সমৰ্থন সংখ্যালঘু উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ হাবিব মহম্মদ চৌধুৰীৰ