অসম

assam

ETV Bharat / state

কলগাছিয়াত বৃহৎ পৰিমাণৰ এটিএম কাৰ্ড উদ্ধাৰ

বৃহস্পতিবাৰে কলগাছিয়া বৰতাৰীত উদ্ধাৰ বৃহৎ পৰিমাণৰ এটিএম কাৰ্ড ৷ এই ঘটনাত বৰভিটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক ছফিউৰ ৰহমান জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে এটিএম কাৰ্ডসমূহৰ গ্ৰাহকসকলে ৷

atm-cards-rescued
কলগাছিয়াত এটিএম কাৰ্ড উদ্ধাৰ

By

Published : Apr 22, 2021, 9:24 PM IST

জনীয়া,22 এপ্ৰিল: কলগাছিয়া বৰতাৰীত বৃহস্পতিবাৰে উদ্ধাৰ হয় অসম গ্ৰামীণ বিকাশ বেংকৰ বহুকেইখন এটিএম কাৰ্ড । এই সন্দৰ্ভত দীৰ্ঘদিনৰ পৰা গ্ৰাহক সেৱা কেন্দ্ৰৰ গৰাকীৰ বিৰুদ্ধে গ্ৰাহকৰ পৰা ধন লুন্ঠন কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

অসম গ্ৰামীণ বিকাশ বেংক কলগাছিয়া শাখাৰ অন্তৰ্গত বৰভিটা গ্ৰাহক সেৱা কেন্দ্ৰৰ পৰিচালক তথা বৰতাৰী গাঁৱৰ নিৱাসী ছফিউৰ ৰহমানৰ বিৰুদ্ধে উত্থাপিত হৈছে এটিএম কাৰ্ড গোপন কৰাৰ লগতে হিতাধীকাৰীৰ ধন লুট কৰাৰ অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি, গ্ৰাহকৰ এটিএম কাৰ্ডসমূহ গ্ৰাহকক ঘৃৰাই নিদি তেওঁলোকৰ একাউণ্টৰ পৰা ধন হৰলুকি কৰাৰ পাচত কাৰ্ডসমূহ পেলাই দিয়ে পৰিচালকজনে ৷

কলগাছিয়াত এটিএম কাৰ্ড উদ্ধাৰ

আবেলিৰ ভাগত ছফিউৰৰ বাসগৃহৰ সমীপৰ পৰা এটিএম কাৰ্ডসমূহ উদ্ধাৰ কৰে স্থানীয় ৰাইজে । উল্লেখ্য যে, গ্ৰাহকসকলে দীৰ্ঘদিনৰ পৰাই গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা টকা উঠোৱাৰ নামত হাৰশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল । ইয়াৰ লগতে চৰকাৰী আৱাস যোজনাৰ ধন, বৃদ্ধ পেন্সন, সাধাৰণ গ্ৰাহকৰ টকা উঠাওতে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰিচালক ছফিউৰ ৰহমানক 50ৰ পৰা 300 টকালৈকে উৎকোচ দিব লাগে বুলিও অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷

স্থানীয় ৰাইজে উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ এটিএম কাৰ্ডসমূহ বৰভিটা আৰক্ষীক গতাই দিয়ে । আনহাতে, অভিযুক্ত ছফিউৰ ৰহমানৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবী কৰাৰ লগতে গ্ৰাহক সেৱা কেন্দ্ৰটোৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী জনাইছে ৰাইজে ৷

লগতে পঢ়ক :ৰূপহীহাটৰ গ্ৰাহক সেৱা কেন্দ্ৰত চাঞ্চল্যকৰ ডকাইতি

ABOUT THE AUTHOR

...view details