বৰপেটা,১৩ মাৰ্চঃ বৰপেটা জিলাৰ পাটবাউসীত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মা মনসাৰ পূজা মহোৎসৱ ৷ পাটবাউসীৰ মা মনসা দেৱী মন্দিৰত পৰম্পৰাগতভাৱে পালন কৰা এই পূজা মহোৎসৱ উপলক্ষে পানী তোলা পৰ্ব অনুষ্ঠিত হয় ৷ গাঁৱখনৰ জীয়ৰী-বোৱাৰীসকলে উপবাসে থাকি নখান্দা নৈত পানী তুলিবলৈ যায় ৷ জীয়ৰী-বোৱাৰীৰ লগতে পানী তুলিবলৈ যোৱা শোভাযাত্ৰাটোত গাঁৱখনৰ যুৱকৰ লগতে বয়োজ্যেষ্ঠ লোকসকলে অংশগ্ৰহণ কৰে ৷ যথাবিহিত পূজা-অৰ্চনা আৰম্ভ কৰাৰ পিছত দেৱীৰ সন্তুষ্টিৰ বাবে দেওধনী নাচে কুমাৰীসকলে ৷ পূজা-অৰ্চনাৰ পিচত যথাৰীতি অনুসৰি হোম যজ্ঞত ভাগ লয় মন্দিৰৰ পূজাৰীয়ে ৷
বৰপেটাৰ পাটবাউসীত মা মনসা পূজা মহোৎসৱ আৰম্ভ - মনসা পূজা
বৰপেটাৰ পাটবাউসীত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মনসা পূজা ৷ পূজা উপলক্ষে মন্দিৰ চৌহদত ভক্তৰ সমাগম ঘটে ৷
মনসা পূজা
তিনিদিনীয়াকৈ অনুষ্ঠিত মা মনসা পূজা মহোৎসৱ উপলক্ষে নাম-প্ৰসংগৰ লগতে বিবিধ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ পূজা মহোৎসৱ উপলক্ষে ভক্তসকলে ধূপ-দীপ জ্বলাই, নৈবেদ্য অৰ্পণেৰে দেৱীৰ আশীষ প্ৰাৰ্থনা কৰে ৷