অসম

assam

ETV Bharat / state

মানাহত বনভোজ খাবলৈ আহি সলিল সমাধি পৰ্যটকৰ - manas boat accident

প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল'লে এগৰাকী পৰ্যটকে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেকী নৈত সলিল সমাধি ঘটে চন্দন চৌধুৰী নামৰ এজন লোকৰ ৷ নাওত উঠি আনন্দ উপভোগ কৰি থকা অৱস্থাতে হঠাতে নাওৰ পৰা বেকী নৈত পৰি মৃত্যু হয় লোকজনৰ ।

manas-boat-accident
মানাহত বনভোজ খাবলৈ আহি সলিল সমাধি পৰ্যটকৰ

By

Published : Dec 6, 2020, 5:58 PM IST

বৰপেটাৰোড, 6 ডিচেম্বৰ :দেওবাৰে মানাহ ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছে এক অঘটন ৷ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহি মৃত্যুক আঁকোৱালি ল'লে এগৰাকী পৰ্যটকে ৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বেকী নৈত সলিল সমাধি ঘটে চন্দন চৌধুৰী নামৰ এজন লোকৰ ৷ নাওত উঠি আনন্দ উপভোগ কৰি থকা অৱস্থাতে হঠাতে নাওৰ পৰা বেকী নৈত পৰি মৃত্যু হয় লোকজনৰ । বজালীৰ পাঠশালাৰ পৰা আহিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বনভোজ খাবলৈ আহিছিল চন্দন চৌধুৰী সহ পৰিয়ালটো।

মানাহত বনভোজ খাবলৈ আহি সলিল সমাধি পৰ্যটকৰ

লোকজনৰ বেকী নৈত নিখোজ হোৱাৰ লগে লগে এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয় ৷ প্ৰশাসন আৰু স্থানীয় ৰাইজৰ সহযোগত প্ৰায় ২ ঘন্টা পাছত চন্দন চৌধুৰীৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় এছ ডি আৰ এফ বাহিনীয়ে ৷

নাওত পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা নথকাৰ বাবে লোকজনৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন কৰিছে দল-সংগঠনে । লোকজনৰ সলিল সমাধি ঘটাত গভীৰ শোকৰ ছাঁ পৰিছে অঞ্চলটোত ৷
লগতে পঢ়ক: খৰালিৰ খহনীয়াত বিধ্বস্ত পকণীয়াবাসী

ABOUT THE AUTHOR

...view details