মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণ উদ্বোধন বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ - বিধায়ক জাকিৰ হুছেইন শিকদাৰ
বুধবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী সমষ্টিৰ মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ বিধায়ক উন্নয়ন পুঁজিৰ ডেৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণখন ৷

বৰপেটা ৯ ডিচেম্বৰ:সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ নেতৃত্বত সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰতিখন মণ্ডল কংগ্ৰেছ সমিতিয়ে অনুষ্ঠিত কৰিবলৈ লৈছে বৰ্ধিত কাৰ্যনিৰ্বাহক সভা। বুধবাৰে সৰুক্ষেত্ৰী সমষ্টিৰ ১৫ নং দক্ষিণ পূব সৰুক্ষেত্ৰী মণ্ডল কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা মাজদিয়া হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈ যায় । বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আৰম্ভ হোৱাৰ পূৰ্বে ডেৰ লাখ টকা ব্যয় সাপেক্ষে বিধায়ক উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা মাজদিয়া আদৰ্শ বিদ্যাপীঠৰ মূল তোৰণখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ।