বৰপেটা,৩০ মাৰ্চ :অৱশেষত বৰপেটা আৰক্ষীৰ জালত পৰিল ৰিণিমা বেগম হত্যাকাণ্ডৰ মূল অভিযুক্ত (Main accused of Rinima Begum murder case arrested)। বৰপেটা আৰক্ষীয়ে ৰিণিমা বেগম হত্যাকাণ্ডৰ (Advocate murder in Barpeta) মাষ্টাৰমাইণ্ড মহিবুল হক ওৰফে মনিক আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত মহিবুল হক ওৰফে মনিৰ ঘৰ বৰপেটা চহৰত ৷ মঙলবাৰে নিশা আৰক্ষীয়ে আটক কৰে মনিক ৷
জানিব পৰা মতে ধৃত মহিবুল হক ইতিপূৰ্বে গ্ৰেপ্তাৰ হোৱা মকদম আলীৰ খুলশালী ৷ মহিবুলক গ্ৰেপ্তাৰৰ পাছতে মঙলবাৰে আৰক্ষীয়ে ধৃত মহিবুল হকৰ বাসগৃহত তালাচী চলায় । মহিবুলৰ ঘৰৰ পৰা আৰক্ষীয়ে এখন মটৰ চাইকেলও জব্দ কৰে । জানিব পৰা মতে উক্ত মটৰ চাইকেলখন ৰিণিমা বেগমৰ হত্যাকাণ্ডত ব্যৱহাৰ কৰা হৈছিল । AS-15-K-7983 নম্বৰৰ মটৰ চাইকেলখন হত্যাকাণ্ডত ব্যৱহাৰ কৰা বুলি খোদ মহিবুল হকে স্বীকাৰ কৰিছে ।
উল্লেখ্য যে যোৱা ২১ মাৰ্চৰ সন্ধিয়া বৰপেটা চহৰৰ বিলৰটাৰী হাটীত ৰিণিমা বেগম নামৰ অধিবক্তাগৰাকীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰা হৈছিল । মটৰ চাইকেলত অহা ৩ দুৰ্বৃত্তই ৰিণিমা বেগমক আক্ৰমণ কৰিছিল ৷ এই ঘটনাৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ।