অসম

assam

ETV Bharat / state

মেধিৰটাৰীত অনুষ্ঠিত মাঘ বিহু মেলা বাতিলৰ নিৰ্দেশ জিলা প্ৰশাসনৰ

জনিয়াৰ মেধিৰটাৰীত অনুষ্ঠিত হোৱা মাঘ বিহুৰ মেলাত অশ্লীল নৃত্য প্ৰদৰ্শন কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ দেওবাৰে বৰপেটা জিলা প্ৰশাসনে এক নিৰ্দেশনাৰ জৰিয়তে তৎকালীনভাৱে বাতিল কৰে এই মাঘ বিহু মেলা ৷

By

Published : Jan 17, 2021, 10:41 PM IST

magh bihu mela cancelled
মেধিৰতাৰীত অনুষ্ঠিত মাঘ বিহু মেলা বাতিল

বৰপেটা,17 জানুৱাৰী : বৰপেটাৰ জনিয়াৰ মেধিৰটাৰীত বাতিল কৰা হৈছে মাঘ বিহু মেলা ৷ মেলাৰ অনুমতি বাতিল কৰিলে বৰপেটা জিলা প্ৰশাসনে । এক নিৰ্দেশনাৰ জৰিয়তে জিলা প্ৰশাসনে দেওবাৰে তৎকালীনভাৱে বাতিল কৰে এই মেলা ।

উল্লেখ্য যে, 13 জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল 44 সংখ্যক মেধিৰতাৰী মাঘ বিহু মেলা । 18 জানুৱাৰীলৈ এই মেলা অনুষ্ঠিত কৰাৰ কথা আছিল যদিও শুকুৰবাৰে সন্ধিয়া কেইবাগৰাকীও যুৱতীয়ে ৰাজহুৱাভাৱে মঞ্চত অশ্লীল নৃত্য প্ৰদৰ্শন কৰে ।

মেধিৰতাৰীত অনুষ্ঠিত মাঘ বিহু মেলা বাতিল

মাঘ বিহুৰ মেলাত সংঘটিত হোৱা এই কাণ্ডক লৈ বিভিন্ন সংবাদ মাধ্যমত আৰু সামাজিক মাধ্যমত ব্যাপক প্ৰচাৰ হোৱা পৰিলক্ষিত হয় । যাৰ ফলস্বৰূপে অশ্লীল নৃত্য প্ৰদৰ্শন বন্ধ কৰিবলৈ বাধ্য হৈছিল মেলা সমিতিয়ে ।

জনীয়াত মাঘ বিহুৰ মেলাৰ নামত অনুষ্ঠিত কৰা অশ্লীল নৃত্য প্ৰদৰ্শনৰ ঘটনাক লৈ সমগ্ৰ অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ইয়াৰ পাচতে শনিবাৰে নিশা ঘটনা সন্দৰ্ভত আয়োজকসকলে সংবাদমেলৰ জৰিয়তে ক্ষমা বিচাৰে । অৱশেষত জিলা প্ৰশাসনে এই মেলাৰ অনুমতি বাতিল কৰিবলৈ বাধ্য হয় ।

লগতে পঢ়ক :শিল্পী দিৱসৰ দিনটোতে বৰপেটাৰোডত উন্মোচন হ'ল সুধাকন্ঠৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details