অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰত আজি বৰদোমাহী - বৰপেটা সত্ৰত আজি বৰদোমাহী

Bhogali Bihu Celebration in Assam: মংগলবাৰে বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি ৷ সোমবাৰে বৰপেটাবাসীয়ে পালন কৰে মাঘৰ উৰুকা ৷ ডেকাসত্ৰীয়া গৌতম পাঠকে মেজিত অগ্নিসংযোগ কৰে ৷ অগ্নিসংযোগ কৰাৰ সময়ত সত্ৰখনত উপস্থিত থাকে বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

Magh Bihu Celebration in Barpeta Satra
বৰপেটা সত্ৰত আজি বৰদোমাহী

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 2:29 PM IST

বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি

বৰপেটা 16 জানুৱাৰী: বৰপেটাবাসীয়ে সোমবাৰে পালন কৰে মাঘৰ উৰুকা ৷ সত্ৰীয়া ৰীতি পৰম্পৰা অনুসাৰে মংগলবাৰে বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি ৷ সোমবাৰে সত্ৰনগৰী বৰপেটাত উৰুকা পালন কৰাৰ পাছত আজি পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসঙ্গৰ পিছত পূৰ্বৰে পৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে অগ্নি সংযোগ কৰে ৷ সত্ৰৰ টুপৰ চোতালত ডেকাসত্ৰীয়া গৌতম পাঠকে মেজিত অগ্নিসংযোগ কৰাৰ সময়ত সত্ৰখনত উপস্থিত থাকে বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ উৰুকাৰ মেজি

আন বছৰবোৰৰ দৰে এইবছৰো মাঘৰ মেজি জলোৱা আৰু বিহু উপলক্ষে বৰপেটাৰ ঐতিহাসিক সত্ৰখনত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয় ৷ পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ এই 5 দিনে সত্ৰত প্ৰতিদিনে নাম-প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসঙ্গৰ সংযোজন কৰা হয় ৷ বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো অৰ্থাৎ আজিৰ দিনতো বৰদোমাহী হিচাপে পালন কৰা হৈছে ৷

বৰদোমাহী উপলক্ষে আজি বৰপেটা সত্ৰত ৰাতিপুৱাৰ নিত্য-নৈমিত্তিক প্ৰসঙ্গৰ পিছত সত্ৰৰ টুপৰ চোতালত প্ৰজ্বলন কৰা মেজিৰ জুই পুওৱাৰ লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা ঐতিহাসিক সত্ৰখনত সমবেত হয় বহু ভক্ত ৷ প্ৰজ্বলিত মেজিৰ ছাঁইৰে কপালত তিলক লৈ ঘৰমুৱা হয় প্ৰতিজন ভক্ত ৷ আনহাতে আজি সত্ৰত পুৱা নিত্য প্ৰসঙ্গত ভতিমা, নাম-প্ৰসঙ্গ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসঙ্গত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে ৷

লগতে পঢ়ক:বিহুৰ দিনটোত মাজুলীৰ সত্ৰ নামঘৰত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details