অসম

assam

ETV Bharat / state

Magh Bihu Celebration at Barpeta Satra : বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ মেজি - বৰপেটা সত্ৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মা

বৰপেটাবাসীয়ে শুকুৰবাৰে পালন কৰে উৰুকা ৷ ইয়াৰ পাছত শনিবাৰে পূৰ্বৰে পৰা চলি অহা ৰীতি-নীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নিসংযোগ কৰা হয় (Magh Bihu Celebration at Barpeta Satra) ৷ এই কাৰ্যসূচীত উপস্থিত থাকে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাকে ধৰি সত্ৰৰ ভকত-বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷

magh-bihu-celebration-at-barpeta-satra
সত্ৰীয়া পৰম্পৰাৰে বৰপেটাত ভোগালী বিহু উদযাপন

By

Published : Jan 15, 2022, 11:53 AM IST

Updated : Jan 15, 2022, 1:42 PM IST

বৰপেটা, 15 জানুৱাৰী : শুকুৰবাৰে ক'ভিড পৰিস্থিতিৰ মাজতে চৰকাৰী নীতি-নিৰ্দেশনা মানি ৰাজ্যবাসীয়ে উদযাপন কৰিলে ভোগৰ উৎসৱ ভোগালী বিহু (People celebrating Bhogali Bihu in Assam) ৷ সকলোৱে অসমীয়াৰ জাতীয় পৰম্পৰা অনুসৰি মেজি জ্বলাই শান্তি-সম্প্ৰীতি আৰু ভাতৃত্ববোধ সুদৃঢ় হোৱাৰ কামনা কৰে (Magh Bihu celebrations) ৷

এইক্ষেত্ৰত ব্যতিক্ৰম লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সমাহাৰৰে পৰিপূৰ্ণ সত্ৰনগৰী বৰপেটা ৷ বৰপেটাবাসীয়ে শুকুৰবাৰে পালন কৰে উৰুকা ৷ ইয়াৰ পাছত শনিবাৰে পূৰ্বৰে পৰা চলি অহা ৰীতি-নীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নিসংযোগ কৰা হয় (Magh Bihu Celebration at Barpeta Satra) ৷

সত্ৰৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকাসত্ৰীয়া নৱজিৎ পাঠককে ধৰি সত্ৰৰ ভকত-বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷ মাঘৰ মেজি জ্বলোৱা আৰু বিহু উপলক্ষে বৰপেটা সত্ৰত সেৱা জনাবলৈ সমাগম ঘটে বহু ভক্তৰ ৷ প্ৰতিগৰাকী ভক্তই প্ৰজ্বলিত মেজিৰ ছাঁইৰে কপালত তিলক লৈ ঘৰমুৱা হয় ৷

বৰপেটা সত্ৰত জ্বলোৱা হ’ল মাঘৰ মেজি

ভোগালী বিহু উপলক্ষে মাঘৰ পহিলা দিনটোৰ নিত্য প্ৰসংগত ভটিমা, নাম প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসংগত গায়ন-বায়নে সত্ৰৰ গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে ৷ পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা পৰৱৰ্তী 4 মাঘলৈ 5 দিনীয়া কাৰ্যসূচীৰে সত্ৰনগৰী বৰপেটাত মাঘৰ দোমাহী পালন কৰা হ'ব ৷ এই 5 দিনে সত্ৰত নিত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হ'ব ৷

এনেকৈয়ে লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰনগৰী বৰপেটাত ভোগালী বিহুৱে এক স্বকীয় ৰূপ ধাৰণ কৰি আহিছে ৷ সত্ৰীয়া সংস্কৃতিৰ সংযম আৰু নামৰ প্ৰভাৱে সামৰি লৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ দৰে লৌকিক উৎসৱকো ৷

লগতে পঢ়ক :india corona update : দেশত 1,54,542 গৰাকী লোক বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত

Last Updated : Jan 15, 2022, 1:42 PM IST

ABOUT THE AUTHOR

...view details