অসম

assam

ETV Bharat / state

বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ পালন মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি

কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতেই বৃহস্পতিবাৰে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩২ সংখ্যক আবিৰ্ভাৱ তিথি অনুষ্টুপীয়াকৈ পালন কৰা হয় । সীমিত সংখ্যক ভকতে পুৱাৰ নৈমিত্তিক প্ৰসংগত ভাগ লয় ৷

Barpeta
বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি মহোৎসৱ পালন

By

Published : May 27, 2021, 8:51 PM IST

বৰপেটা, ২৭ মে':আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৫৩২ সংখ্যক আবিৰ্ভাৱ তিথি ৷ গুৰুজনাৰ আৱিৰ্ভাৱ তিথি উপলক্ষে যি সময়ত নাম প্ৰসংগ, হৰিনাম কীৰ্তনৰ অমিয়া সুৰেৰে ভৰি থাকিব লাগিছিল সত্ৰ চৌহদ, তেনেসময়তে বৃহস্পতিবাৰে তিনি ৰাজ্যৰ বন্দনীয় থান বৰপেটা সত্ৰৰ প্ৰতিষ্ঠাপক গুৰুজনাৰ আবিৰ্ভাৱ তিথি অতি অনুষ্টুপীয়া কাৰ্যসূচীৰে পালন কৰা হয় ৷

বৰপেটা সত্ৰত প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ পালনৰ বিপৰীতে যোৱাতো বৰ্ষৰ দৰে এইবেলিও কৰ'ণা মহামাৰী সৃষ্ট পৰিৱেশৰ বাবেই অতি অনুষ্টুপীয়া কাৰ্যসূচীৰে আৱিৰ্ভাৱ মহোৎসৱৰ আনুষ্ঠানিকতা ৰক্ষা কৰা হয় ৷ মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা তিনিও ৰাজ্যৰ বন্দনীয় স্থান বৰপেটা সত্ৰত বৃহস্পতিবাৰে সীমিত সংখ্যক ভকতে পুৱাৰ নৈমিত্তিক প্ৰসংগত ভাগ লয় ৷

বৰপেটা সত্ৰত অনুষ্টুপীয়াকৈ পালন মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ তিথি

ইয়াৰ পাচতে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া, বুঢ়া ভকত আৰু কেইগৰাকীমান ভকতৰ অংশগ্ৰহণেৰে হৰি নাম গাই সত্ৰৰ কীৰ্তন ঘৰৰ চৌপাশে ভাগৱত ভ্ৰমণ কৰি আৱিৰ্ভাৱ তিথি মহোৎসৱৰ সামৰণি কৰা হয় । ইপিনে জগতৰ কুশল কামনা আৰু কৰ'ণা মহামাৰীসৃষ্ট পৰিৱেশৰ অৱসানৰ বাবে বৃহস্পতিবাৰে সন্ধিয়া বৰপেটা সত্ৰত গুৰুজনাক উদ্দেশ্যি বন্তি প্ৰজ্বলন কৰা হ'ব বুলি ডেকা সত্ৰীয়াজনাই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: বকোৰ জৱেপাৰাত জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে শাহুৱেকে

ABOUT THE AUTHOR

...view details