জনীয়া, 9 জানুৱাৰী : বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বামুনটাৰীত দেওবাৰে আয়োজন কৰা হৈছে অসম জাতীয় পৰিষদৰ এখন যোগদান সভা ৷ উদমাৰীস্থিত আতোৱাৰ ৰহমান কলেজ খেল পথাৰত অনুষ্ঠিত হ’ব লগীয়া এই সভাত উপস্থিত থাকিব অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ । ইতিমধ্যে সভাখনক লৈ প্ৰস্তুতি অব্যাহত ৰাখিছে দলটোৰ সদস্য সকলে ৷
এই সভাত এ আই ইউ ডি এফৰ জনীয়া সমষ্টি কমিটিৰ সভাপতি তথা অধিবক্তা শুকুৰ আলী আহমেদে প্ৰায় ১০ হেজাৰ কৰ্মী সমৰ্থকক লগত লৈ জাতীয় পৰিষদত যোগদান কৰিব বুলি সংবাদ মাধ্যমক জনাইছে । সভাত ৯০ লাখ পূৰ্ববংগীয় সংখ্যালঘু মানুহৰ নাগৰিকত্বকে ধৰি বিভিন্ন সমস্যাৰ ওপৰত বিজ্ঞানসন্মত আলোচনাৰে সিদ্ধান্ত লোৱা হ'ব বুলি সভাৰ মুখ্য আয়োজক অধিবক্তা শুকুৰ আলী আহমেদে সংবাদ মাধ্যমক জনাইছে ।