অসম

assam

ETV Bharat / state

ছাত্ৰীক পলুৱাই নি ৰঙাঘৰত সোমাল শিক্ষক - কলগাছিয়া আৰক্ষী থানা

গুৰু শিষ্যৰ সম্পৰ্কত পুনৰ কালিমা সানিলে এজন শিক্ষকে ৷ অভিযোগ অনুসৰি, শিক্ষকতাৰ এক মহান বৃত্তিত কালিমা সনা এইগৰাকী টেট শিক্ষকে প্ৰেমৰ চলনাৰে নিজৰেই এগৰাকী শিক্ষাৰ্থীক পলুৱাই নি মন্দিৰত পাতিলেগৈ বিয়া ৷ সোনাবাৰীত সংঘটিত এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া কলগাছিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

Love Jihad of Tet Teacher
ছাত্ৰীক পলুৱাই নি ৰঙাঘৰত সোমাল শিক্ষক

By

Published : Oct 13, 2021, 3:31 PM IST

জনীয়া, 13 অক্টোবৰ : এগৰাকী নাবালিকা ছাত্ৰীৰ লগত প্ৰেম কৰি এইবাৰ এগৰাকী টেট শিক্ষক সোমালগৈ লক আপত । অভিযোগ অনুসৰি, মুছলমান সম্প্ৰদায়ৰ এগৰাকী নাবালিকাক পলুৱাই নি মন্দিৰত বিয়া পাতিলে ভোলা চন্দ্ৰ বিশ্বাস নামৰ এগৰাকী বিবাহিত টেট শিক্ষকে । পিতৃতুল্য এগৰাকী শিক্ষকৰ এনে জঘন্য কাণ্ডই এতিয়া চকু কপালত তুলিছে সচেতন ৰাইজৰ ৷

এগৰাকী বিবাহিত টেট শিক্ষকে নাবালিকা ছাত্ৰীক পলুৱাই নি এনেদৰে বিয়া পতা ঘটনাক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । জানিব পৰা মতে, এই ঘটনা সংগঠিত কৰিছে সোনাবাৰী প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক তথা বিশ্বনাথ জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ২ নং গৰুৱাঝাৰ গাঁৱৰ ভোলা চন্দ্ৰ বিশ্বাসে ।

ছাত্ৰীক পলুৱাই নি ৰঙাঘৰত সোমাল শিক্ষক

ঘটনাৰ বিৱৰণি অনুসৰি, বিবাহিত টেট শিক্ষক গৰাকীয়ে নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীক বিগত ৪ চেপ্তেম্বৰত পলুৱাই নি এটা মন্দিৰত গৈ বিয়া পাতিছিল । পৰৱৰ্তী সময়ত নাবালিকা ছাত্ৰী গৰাকীৰ পিতৃয়ে কলগাছিয়া আৰক্ষী থানাত টেট শিক্ষক গৰাকীৰ বিৰুদ্ধে দাখিল কৰে এখন এজাহাৰ ৷

এই এজাহাৰৰ ভিত্তিতেই বুধবাৰে আৰক্ষীয়ে এটা ভাড়া ঘৰৰ পৰা টেট শিক্ষক গৰাকীৰ লগতে উদ্ধাৰ কৰে নাবালিকা ছাত্ৰী গৰাকীকো । উল্লেখ্য যে, টেট শিক্ষক গৰাকীয়ে টিউচন কৰাৰ চলেৰে প্ৰেমৰ জালত পেলাই পলুৱাই নি পাতিলেগৈ বিয়া । এই অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে ৷

ইফালে শিক্ষক গৰাকীয়ে মন্তব্য কৰা অনুসৰি, প্ৰায় দুবছৰ ধৰি নাবালিকা ছাত্ৰী গৰাকীৰ সৈতে তেওৰ আছিল প্ৰেমৰ সম্পৰ্কত । শিক্ষকতাৰ এক পৱিত্ৰ বৃত্তিত জড়িত থাকি সমাজক কুলুষিত কৰা এইগৰাকী শিক্ষকৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৬৬ (A)ৰ অধীনত ৰুজু কৰা হৈছে এক গোচৰ । এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ শিক্ষক সমাজৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে পঢ়ক :মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণ : নিহত ৫

ABOUT THE AUTHOR

...view details