অসম

assam

By

Published : Oct 6, 2019, 4:28 AM IST

Updated : Oct 6, 2019, 9:24 AM IST

ETV Bharat / state

সৰ্থেবাৰীত অঘটন: পদুম ফুল চুৰি কৰি ভৰিলে জৰিমনা

ঐতিহাসিক কাপলা বিলৰ পৰা চোৰ কৰিছিল বহু বস্তা পদুম ফুল ৷ ৰাজহুৱা বিচাৰত চোৰক বিহিলে জৰিমণা ৷

সৰ্থেবাৰীত অঘটন: পদুম ফুল চুৰি কৰি ভৰিলে জৰিমনা

বৰপেটা, 6 অক্টোবৰ: ৰাজ্যত এতিয়া শাৰদীয় দুৰ্গা পূজাৰ সময় ৷ দেৱীৰ চৰণত এপাহ পদুম ফুল দিয়াৰ হেঁপাহ মনত লৈ এতিয়া পূজাৰ মণ্ডপে মণ্ডপে লাগিছে ৰাইজৰ লানি নিচিগা সোঁত ৷ কিন্তু উৎসৱমুখৰ পৰিৱেশৰ মাজতে বৰপেটা জিলাৰ কাঁহনগৰী খ্যাত সৰ্থেবাৰীত সংঘটিত হ'ল এক নাভূত নাশ্ৰুত কাণ্ড ৷ চহৰখনৰ ঐতিহাসিক ঐতিহাসিক কাপলা বিলৰ পৰা বস্তাই বস্তাই গোপনে পদুম ফুল চিঙি ৰাইজৰ ৰোষত পৰিল তিনিজনকৈ লোক ৷

ঘটনা অনুসৰি সৰ্থেবাৰীৰ এৰা গাঁৱৰ ৰবেন দাস, নৰেণ দাস আৰু বিশ্বেস্বৰ দাস নামৰ এই তিনি ফুল চোৰক ৰাইজে ফুল পদুম চুৰ কৰি থকা অৱস্থাত হাতে লোটে ধৰা পেলাই ৷ ইয়াৰ পাছতে বন্দী হোৱা তিনিজন ফুল চোৰ ৰাইজৰ সামাজিক বিচাৰৰ সন্মুখীন হয় ,য'ত তেওঁলোকক পোন্ধৰ হাজাৰ টকাকৈ জৰিমণা বিহা হয় ৷ এইদৰে পূজাৰ বতৰত কাপলা বিলৰ পদুম ফুল চুৰি কৰি তিনি লোকৰ লটিঘটিয়ে এতিয়া উৎসৱৰ মাজতো আমোদৰ খোৰাক দিছে সৰ্থেবাৰী অঞ্চলত ৷

সৰ্থেবাৰীত অঘটন: পদুম ফুল চুৰি কৰি ভৰিলে জৰিমনা
Last Updated : Oct 6, 2019, 9:24 AM IST

ABOUT THE AUTHOR

...view details