জনীয়া,17 নৱেম্বৰ:এটাৰ পিছত এটাকৈ চুৰি-ডকাইতিৰ দৰে কাণ্ড সংঘটিত হৈ আহিছে বৰপেটাৰ কলগাছিয়াত । কিন্তু তৎসত্বেও কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে কলগাছিয়া আৰক্ষীৰ বিৰুদ্ধে । শেহতীয়াকৈ কলগাছিয়া বজাৰস্থিত শাকিল কম্পিউটাৰ নামৰ এখন বিপণীৰ স্বত্বাধিকাৰী জেহেৰুল ইছলাম নামৰ লোকগৰাকীৰ ঘৰত সংঘটিত হৈছে লুটপাতৰ ঘটনা ৷
ঘটনাৰ বিৱৰণী অনুসৰি, পৰিয়ালটোৱে নিশাৰ আহাৰ গ্ৰহণ কৰি শুই যোৱাৰ পিছতে এই ঘটনা সংঘটিত হয় ৷ চোৰে পৰিয়ালটোৰ পৰা সোণৰ আ-অলংকাৰ, নগদ ধন, লেপটপৰ লগতে কম্পিউটাৰৰ কিছু সা-সামগ্ৰী আৰু বিপণীখনৰ চাবি পৰ্যন্ত লুটি নিয়ে ৷ মঙলবাৰে পুৱা পৰিয়ালটোৰ ঘৰত কাম কৰিবলৈ অহা ৰঙৰ মিস্ত্ৰীৰ উপস্থিতিৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ মিস্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সহযোগত পৰিয়ালটোক উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে । সম্প্ৰতি চিকিৎসাধীন হৈ আছে জেহেৰুলসহ পৰিয়ালৰ আন সদস্যসকল ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত জেহেৰুলৰ পৰিয়ালৰ আন সদস্যসকলে কলগাছিয়া আৰক্ষী থানাত দাখিল কৰিছে এক এজাহাৰ ৷