বৰপেটা,২৪ মাৰ্চঃ বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক(সদৰ) সমীৰণ বৈশ্য, তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাস আৰু চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজীৱ কুমাৰ দাসে যৌথভাৱে বৰপেটাত চলায় সজাগতা অভিযান ৷ লক ডাউনৰ সময়ছোৱাত মাইকযোগে প্ৰচাৰ কৰি আৰক্ষীৰ মাজত সজাগতাৰ সৃষ্টি চলায় আৰক্ষী প্ৰশাসনে । সন্ধিয়া 6 বজাৰ পৰা আৰম্ভ হোৱা লক ডাউনক আওকাণ কৰি চলি থকা যানবাহন সমূহতো তালাচী চলায় আৰক্ষীয়ে ।
চৰকাৰী নিৰ্দেশক অমান্য কৰা বাহনৰ বিৰুদ্ধে কঠোৰ বৰপেটা আৰক্ষী - বৰপেটা জিলা প্ৰশাসন
কৰ’ণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে অসমতো আৰম্ভ হৈছে লক ডাউন । সেইসূত্ৰে বৰপেটা জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ মাজত ব্যাপক তৎপৰতা । তাৰাবাৰী আৰক্ষী থানাৰ বিভিন্ন প্ৰান্তত নিশাৰ ভাগতো সজাগ থাকিল আৰক্ষীকে ধৰি চক্ৰ বিষয়া ।

কঠোৰ বৰপেটা আৰক্ষী