জনীয়া, 15 জুলাই :কলগাছিয়া আৰক্ষী থানা (Kalgachia Police Station)ৰ অন্তৰ্গত বালাগাঁও ঈদগাহৰ কাষত সোমবাৰে নিশাত এদল দুষ্কৃতিকাৰীয়ে ৰাস্তা আগুচি ধৰি হানিফ আলী আহমেদ নামৰ এগৰাকী শিক্ষকক প্ৰাণে মৰাৰ চেষ্টা কৰা ঘটনাই অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৷ সম্প্ৰতি শিক্ষকগৰাকীৰ ওপৰত চলোৱা আক্ৰমণৰ ঘটনাটো আইনৰ চকুত ধূলি দিবলৈ কৰা এক পৰিকল্পিত নাটক বুলি অভিযোগ কৰিছে স্থানীয় একাংশ লোকে ৷ উল্লেখযোগ্য যে, তিতাপানী মৌজাৰ টাপেশ্বৰা গাঁৱৰ প্ৰয়াত হাচেন আলীৰ নামত থকা তিনি বিঘা ৫০ লেচা মাটি তিনি বছৰ পূৰ্বে তেওঁৰ সন্তানৰ নামত নামজাৰি হৈছিল ৷ আনফালে উক্ত মাটি ডোখৰ ঘৰুৱা দলিলৰ জৰিয়তে ক্ৰয় কৰি হানিফ আলীয়ে প্ৰায় ৩৫ বছৰ ধৰি ভোগ দখল কৰি আহিছে ৷
যাৰবাবে সম্প্ৰতি এই মাটিক লৈ হাচেন আলীৰ পুত্ৰ ছহিদুল ইছলাম আৰু হানিফ আলীৰ মাজত দীৰ্ঘদিন ধৰি বিবাদ চলি আহিছে ৷ প্ৰায় এক সপ্তাহ পূৰ্বে উক্ত ভূমিত হানিফ মাষ্টৰে হাল বাবলৈ যোৱাত ছহিদুলৰ পৰিয়ালে বাধা প্ৰধান কৰে ৷ ফলত দুয়োৰে মাজত হতাহতিৰ সৃষ্টি হয় ৷