বৰপেটা, ৪ ডিচেম্বৰঃবৰপেটাৰ হাউলীৰ সমীপৰ ইটাৰভিঠা গাঁৱৰ জৰাজীৰ্ণ কাঠৰ দলঙক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷ মৰাপাট গুডামৰ পৰা মৰাপাট কঢ়িয়াবলৈ ১২ আৰু 16 চকীয়া ট্ৰাক অহা-যোৱা কৰাক লৈ ক্ষোভিত স্থানীয় ৰাইজ ৷ গাঁৱখনৰ গড়কপ্তানী পথৰ ওপৰত থকা দলং খন অতি জৰাজীৰ্ণ হোৱা বাবে বিভাগীয় কৰ্তৃপক্ষই গধুৰ যান-বাহন চলাচলৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ জাননী ফলকৰ প্ৰতি কোনো ধৰণৰ কেৰেপ নকৰি দৈনিক পাৰ হয় মালভৰ্তি ট্ৰাক । যাৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় ৰাইজে ।
বৰপেটাৰ হাউলীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ - বৰপেটাৰ হাউলী ইটাৰভিঠা গাঁও
বৰপেটা হাউলীৰ সমীপৰ ইটাৰভিঠা গাঁৱত ৰাইজৰ তীব্ৰ প্ৰতিবাদ ৷ জৰাজীৰ্ণ কাঠৰ দলঙক লৈ প্ৰতিবাদ স্থানীয় ৰাইজৰ ৷
হাউলীত জৰাজীৰ্ণ কাঠৰ দলং
ইফালে দলংখন পকীকৰণ কৰাৰ বাবে জনপ্ৰতিনিধিক আবেদন কৰাৰ পাছতো বৰ্তমানলৈ পকীকৰণ হোৱা নাই বুলি অভিযোগ স্থানীয় ৰাইজৰ ৷ যাৰ ফলত বহু অসুবিধাৰ সন্মুখীন হৈছে ইটাৰভিঠা গাঁৱৰ ৰাইজ ৷ উল্লেখ্য যে ইটাৰভিঠা গাঁৱৰ জলাশয়ৰ ওপৰত থকা এই কাঠৰ দলংখনৰ ওপৰৰে চলাচল কৰে কদমগুৰি, বৰবালা, ইটাৰভিটা আদি কেইবাখনো গাঁৱৰ ৰাইজ । অতি শীঘ্ৰে বিভাগীয় কৰ্তৃপক্ষক দলংখন মেৰামতি কৰিবলৈ দাবী স্থানীয় ৰাইজৰ ।
আৰু পঢ়কঃ কৰিমগঞ্জ আৰু জোনাইত ভয়ংকৰ পথ দুৰ্ঘটনা