অসম

assam

ETV Bharat / state

বৰপেটাৰোডৰ ক’লা বজাৰত ক’ভিড ভেকচিন বিক্ৰীৰ অভিযোগ - বৰপেটাৰোডৰ চিকিৎসালয়

চৰকাৰে ক’ভিড-১৯ ৰ বিৰুদ্ধে অতি সক্ৰিয় হৈ কাম কৰি থকাৰ সময়তে ক’ৰণা ভেকচিন প্ৰদানক লৈ এক লেহেমীয়া গতি দেখিবলৈ পোৱা গৈছে ৷ বহু সময়ত ক’ৰণা ভেকচিন প্ৰদান কৰাৰ বিপৰীতে ক’লা বজাৰতো বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ কলহভাংগাস্থিত ভেকচিন কেন্দ্ৰত সোমবাৰে ভেকচিন প্ৰদানৰ কথা ঘোষণা কৰাৰ পাছতো প্ৰদান নকৰাত স্থানীয় লোকে চিকিৎসালয় ঘেৰাও কৰে ৷

Local People protest ar Barpetaroad Hospital
কৰ’ণাৰ ভেকচিনৰ দাবীত বৰপেটাৰোডৰ চিকিৎসালয় ঘেৰাও: ক’লা বজাৰত ভেকচিন বিক্ৰী কৰাৰ অভিযোগ

By

Published : Jul 27, 2021, 9:44 PM IST

বৰপেটাৰোড, 27 জুলাই :বৰপেটাৰোডৰ কলহভাংগাস্থিত ভেকচিন কেন্দ্ৰত কৰ’ণাৰ ভেকচিন নাপাই সোমবাৰে স্থানীয় লোকে চিকিৎসালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ সময়মতে ভেকচিন নোপোৱাত ৰাইজে ক্ষোভিত হৈ চিকিৎসালয় ঘেৰাও কৰি আমাক ভেকচিন লাগিবই, আমাক ন্যায় লাগিবই, ভেকচিনৰ সংগ্ৰাম চলিছে, চলিবই আদি শ্লোগানেৰে চৌদিশ উত্তাল কৰি তোলে ৷

বৰপেটাৰোড চহৰৰ লোকৰ ঘৰত কাম কৰি কোনোমতে জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ জনতাই ভেকচিন নোলোৱাৰ বাবে অইনৰ ঘৰত কাম কৰিব পৰা নাই ৷ যাৰ বাবে এইসকল লোকৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, বিগত ১৫ দিন ধৰি ভেকচিনৰ বাবে অপেক্ষাত থকা চহৰখনৰ লোকক সোমবাৰে ভেকচিন প্ৰদান কৰাৰ কথা আছিল । সেই অনুসৰি বৰপেটাৰোডৰ কলহভাংগাস্থিত ভেকচিন কেন্দ্ৰটোত সোমবাৰে তিনিশ ভেকচিন দিয়াৰ কথা ঘোষণা কৰা হৈছিল ৷

বৰপেটাৰোডৰ ক’লা বজাৰত ক’ভিড ভেকচিন বিক্ৰীৰ অভিযোগ

সেইমৰ্মে কেঁচুৱা কোলাত লৈ ভেকচিনৰ কুপন নম্বৰ হাতত লৈ নিশা প্ৰায় তিনি বজাৰ পৰা শাৰী পাতি ৰৈ থাকে ৰাইজ ৷ অৱশেষত পুৱা ৯ বজাত কেন্দ্ৰটোত ভেকচিন নাই বুলি স্বাস্থ্য বিভাগৰ দায়িত্বত থকা লোকে জনোৱাত ক্ষোভিত হৈ পৰে জনতা ৷ তাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷

ইয়াৰ পাছতেই ক্ষোভিত জনতাই বৰপেটাৰোডৰ চিকিৎসালয়লৈ আহি চিকিৎসালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ আনহাতে, বৰপেটাৰোড খণ্ড প্ৰাথমিক স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ চিকিৎসা বিষয়া ডাঃ যোগানন্দ দাসক ক্ষোভিত জনতাই ভেকচিন কিয় দিয়া নহ’ল প্ৰশ্ন কৰাত চিকিৎসা বিষয়াগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়েহে জানে দায়সৰা মন্তব্য দিয়ে ৷ ক্ষুব্ধ জনতাই চিকিৎসালয় ঘেৰাও কৰাৰ সময়ত চিকিৎসা বিষয়া ডাঃ যোগানন্দ দাস উপস্থিত নাছিল চিকিৎসালয়ত ৷

উল্লেখ্য যে, পূৰ্বেও বৰপেটাৰোডৰ কলহভাংগাত থকা কেন্দ্ৰটোত ২৫০ পালি ভেকচিন দিব বুলি ঘোষণা কৰি মাত্ৰ ডেৰশ ভেকচিন দিয়ে সমাপ্ত কৰা বুলি অভিযোগ তুলিছে জনতাই । জিলাখনৰ বাবে মজুত থকা কৰ’ণাৰ ভেকচিন ক’লা বজাৰত বিক্ৰী কৰা বুলিও অভিযোগ তুলিছে একাংশ জনতাই ৷ কৰ’ণাৰ ভেকচিনক লৈ ব্যৱসায় চলাই থকা বুলিও স্বাস্থ্য বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ক্ষোভিত জনতাই ৷

লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত শ্বহীদ আৰক্ষী জোৱানক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details