কলগাছিয়াত আটক অবৈধ মদ ব্যৱসায়ী
অবৈধ মদ ব্যৱসায়িক ৰাইজে হাতে লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ চেনিমাৰি অঞ্চলত দীৰ্ঘ দিনৰ পৰাই অব্যাহত আছে মদ, গাঞ্জা, ডেনড্ৰাইড জুৱা-তীৰ খেলৰ বেহা ৷
কলগাছিয়া, 20 ছেপ্তেম্বৰ : কলগাছিয়াৰ চেনিমাৰি গাঁৱত অবৈধ মদ ব্যৱসায়িক ৰাইজে হাতে লোটে ধৰি গতাই দিয়ে আৰক্ষীক ৷ ছয়ফুল ইছলাম নামৰ অবৈধ মদৰ বেপাৰীজনক ৰাইজে হাতে লোটে ধৰা পেলায় । চেনিমাৰি অঞ্চলত দীৰ্ঘ দিনৰ পৰাই মদ, ভাঙ, ডেনড্ৰাইড জুৱা-তীৰ খেল আদিকে ধৰি বিভিন্ন অনৈতিক কাৰ্য চলি অহা বুলি উল্লেখ কৰিছে ৰাইজে । ইয়াৰ পূৰ্বে ৰাইজে এনে অনৈতিক কাৰ্যৰ বিৰুদ্ধে কলগাছিয়া আৰু বৰভিটা আৰক্ষী চকীক অৱগত কৰিছে যদিও আৰক্ষীৰ পৰা ৰাইজে কোনো ধৰণৰ ইতিবাচক সহাৰি পোৱা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ৰাইজে মদ ধৰি আৰক্ষীৰ হাতত গতাই দিছিল যদিও আৰক্ষীয়ে মদ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন ৰাইজৰ ।