বৰপেটাৰোড, 14 ছেপ্তেম্বৰ:দেওবাৰে নিশা ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা অভিযানকাৰী দলে নামনিমুৱা দাদৰ এক্সপ্ৰেছৰ পৰা বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷ ফটা-ছিঙা কাপোৰৰ মাজত বস্তাৰ ভিতৰত ভৰাই ৰে'লৰ শৌচাগাৰত ৰখা অৱস্থাত অভিযানকাৰী দলটোৱে সুৰাখিনি জব্দ কৰে ৷ ৰে'লখন বৰপেটাৰোড ৰে'লৱে ষ্টেচন আহি পোৱাৰ পাচতে বৰপেটাৰোড ৰে'লৱে সুৰক্ষা বাহিনীৰ অভিযানকাৰী দলটোৱে তালাচী চলাই সুৰাসমূহ জব্দ কৰে যদিও, সেইসমূহ কঢ়িয়াই অনা ব্যক্তিকেইগৰাকীক আটক কৰিবলৈ সক্ষম নহ'ল ৷ জব্দকৃত সুৰা সমূহ সোমবাৰে বৰপেটাৰোড আবকাৰী বিভাগক চমজাই দিয়ে অভিযানকাৰী দলটোৱে ৷
দাদৰ এক্সপ্ৰেছৰ পৰা জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ - railway station
নামনিমুৱা দাদৰ এক্সপ্ৰেছৰ পৰা দেওবাৰে নিশা বৰপেটাৰোড ৰে'লৱে সুৰক্ষা বাহিনীৰ এটা অভিযানকাৰী দলে বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে ৷

বিলাতী সুৰা জব্দ
Last Updated : Sep 14, 2020, 3:08 PM IST