বৰপেটা,২৩ জুলাই: বিগত কিছুদিনৰ পৰা সত্ৰনগৰী বৰপেটাত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ ৷ সত্ৰনগৰীখন ক্ৰমাৎ পৰিণত হৈছে চুলাই মদৰ ঘাটিলৈ ৷ পূৰ্বে সুৰা নিষিদ্ধ বৰপেটাত আবকাৰী বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ ফলতে অবৈধ সুৰাৰ ব্যৱসায় বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
চুলাইৰ ঘাটিলৈ পৰিণত সত্ৰনগৰী বৰপেটা - Income Tax Department Barpeta
পূৰ্বে সুৰা নিষিদ্ধ বৰপেটাত আবকাৰী বিভাগৰ চৰম কাণ্ডজ্ঞানহীনতাৰ ফলত গঢ়ি উঠিছে অবৈধ সুৰাৰ ব্যৱসায় ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় এহাজাৰ লিটাৰ চুলাইৰ লগতে আটক কৰে দুগৰাকী চুলাই সৰবৰাহকাৰী ৷
সম্প্ৰতি চহৰখনৰ য’তে-ত’তে এতিয়া সুলভ হৈ পৰিছে অবৈধ সুৰা ৷ বৰপেটা আৰক্ষীয়ে ব্যাপক হাৰত বৃদ্ধি পোৱা এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে অব্যাহত ৰাখিছে অভিযান ৷ বৃহস্পতিবাৰে আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে প্ৰায় এহাজাৰ লিটাৰ চুলাই ৷ আনহাতে,চুলাই সৰবৰাহৰ সৈতে জড়িত এখন বাহনৰ লগতে দুই সুৰা ব্যৱসায়ীকো আটক কৰে আৰক্ষীয়ে ৷ ব্যৱসায়ী দুগৰাকীয়ে বৰপেটাৰ নগাঁৱৰ পৰা চহৰখনলৈ এ এছ 15 1517 নম্বৰৰ মাৰুতি ভানৰ সহায়ত এই চুলাই কঢ়িয়াই আনিছিল ৷ বৰপেটা থানাৰ আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত চলা এই অভিযানক প্ৰশংসা কৰিছে বৰপেটাবাসীয়ে ৷
লগতে চাওকঃবান পৰিস্থিতিৰ অৱনতিঃ 89 গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা