জনীয়া, 14 ছেপ্তেম্বৰ:এইবাৰ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ উদমাৰীত পোহৰলৈ আহিছে এক ভয়ংকৰ বীমা আঁচনিৰ কেলেংকাৰীৰ তথ্য (Life Insurance scram) । ভুৱা তথ্যৰে মৃত ব্যক্তিৰ নামত ধন মোকোলাই গ্ৰেপ্তাৰ হ’ল এগৰাকী মহিলা । ঘটনাৰ বিৱৰণি মতে, উদমাৰী গাঁৱৰ আজম আলি নামৰ লোকজনৰ বিগত ২০১৮ বৰ্ষৰ ৭ জানুৱাৰীত আকস্মিকভাৱে মৃত্যু হৈছিল ।
পৰৱৰ্তী সময়ত দুলাল হুছেইন নামৰ এজন দালালে মৃতকৰ ঘৰলৈ গৈ মৃত্যু হোৱা আজম আলিৰ নামত ধন আনি দিব বুলি কৈ পৰিয়ালৰ লোকৰ পৰা সম্পূৰ্ণ নথি পত্ৰ লৈ গৈছিল । পৰৱৰ্তী সময়ত দালাল দুলাল হুছেইন, স্থানীয় গাঁওবুঢ়া নুৰুল ইছলাম, তিতাপানী ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ তফিজ উদ্দীন আৰু অংগনবাৰী কৰ্মী, আশাকৰ্মী, ডাকঘৰৰ পিয়ন, আৰু কেইবাগৰাকী লোকে জড়িত হৈ মৃত আজম আলিৰ মৃত্যুৰ দিন সলনি কৰি জীৱন বীমা আঁচনিৰ পৰা বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰা বুলি মৃত আজম আলিৰ পৰিয়াল তথা আজম আলিৰ পত্নীয়ে অভিযোগ উত্থাপন কৰে (Life Insurance scram at Kalgachia) ৷