বৰপেটা, ১৪ জুন: বৰ্তমান মহামাৰীৰে যুঁজ দিয়াৰ বাবে সাধ্য অনুসাৰে ব্যক্তি অথবা প্ৰতিষ্ঠানে চৰকাৰ তথা প্ৰশাসনক সহায় কৰিছে । কোনোৱে যদি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়াইছে, আন কোনোৱে আকৌ নিজাববীয়াকৈ মানুহৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰিছে ।
মুঠতে সকলোৱে মাৰাত্মক কৰ'ণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ প্ৰয়াস কৰিছে । এনে সংকটৰ সময়ত ভাৰতীয় জীৱন বীমা নিগমো(LIC) সহায় কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিছে । সোমবাৰে ভাৰতীয় জীৱন বীমা নিগমৰ বঙাইগাঁও আঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা বৰপেটা জিলা প্ৰশাসনক ২০০টা পি পি ই কিট(P P E Kit) আৰু ১ হাজাৰ খন N95 মাস্ক(N95 Mask) আগবঢ়োৱা হয় ।
বৰপেটা প্ৰশাসনক পি পি ই কীট, N95 মাস্ক আগবঢ়ালে LICই বৰপেটাৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বৰঙণি হিচাপে এই সামগ্ৰীখিনি উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ হাতত অৰ্পণ কৰে জীৱন বীমা নিগমৰ বঙাইগাঁও আঞ্চলিক কাৰ্যালয়ৰ প্ৰৱন্ধক টি এন ভূটীয়াই । বঙাইগাঁও আঞ্চলিক কাৰ্যালয় কৰ্তৃপক্ষই ইতিমধ্যে চিৰাং, গোৱালপাৰা, বঙাইগাঁও, ধুবুৰী আদি জিলাসমুহতো পি পি ই কিট আৰু মাস্ক প্ৰদান কৰা হৈছে বুলি প্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে ৷
ইপিনে, (LIC)ৰ গ্ৰাহকসকলৰ সুবিধাৰ বাবে নিগমৰ কাৰ্যালয়সমূহত এতিয়া বিএছএনএল(BSNL)ৰ লগতে এয়াৰটেল(AIRTEL) নেট সংযোগ কৰা হৈছে বুলি জানিবলৈ দিয়ে ৷ গ্ৰাহকসকলে প্ৰিমিয়াম দিবলৈ গৈ নেটৰ বাবে পূৰ্বে সন্মুখীন হোৱা সমস্যা এতিয়া আৰু নাথাকিব বুলিও প্ৰৱন্ধকগৰাকীয়ে জানিবলৈ দিয়ে ৷
তাৰোপৰি যিবিলাক জিলা সদৰত ভাৰতীয় জীৱন বীমা নিগমৰ নিজা কাৰ্যালয় নাই সেইবোৰ জিলাত চৰকাৰী ভূমি আবন্টন পালে নিজা কাৰ্যালয় স্থাপন কৰিব বুলিও জানিবলৈ দিয়ে প্ৰৱন্ধকগৰাকীয়ে ৷
লগতে পঢ়ক:যোৰহাট চিকিৎসা মহাবিদ্যালয়ত সংযোজন ১২০ খন বিচনা