জনীয়া, 8 ফেব্ৰুৱাৰী : দেওবাৰে জনীয়া সমষ্টিৰ অন্তৰ্গত মহম্মদপুৰ চ’ছিয়েল ৱেলফেয়াৰ এচ’চিয়েছনৰ উদ্যোগত কাদং উচ্চ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হয় এখনি সভাৰ ৷ এই সভাত লকডাউনৰ সময়চোৱাত হোৱা ছাত্ৰ-ছাত্ৰী সকলে শিক্ষাৰ ক্ষতিপুৰন কেনেকৈ কৰিব,নিবনুৱা যুৱক-যুৱতী সকলে কেনেদৰে নিজৰ জীৱনৰ লক্ষ্য বাচনি কৰি সঠিক পথত আগুৱাই যাব সেই সম্পৰ্কে আলোচনা কৰা হয় ৷
এই সভাত সভাপতিত্ব কৰে জনীয়া ফকৰুদ্দিন আলি অহমেদ মেম’ৰিয়েল কলেজৰ অধ্যক্ষ ছানোৱাৰ ৰাহমানে । উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰে’ল আৰক্ষীৰ উপ মহা পৰিদৰ্শক আবু চুফীয়ান,আলোচক হিচাপে উপস্থিত থাকে অৱসৰ প্ৰাপ্ত কেন্দ্ৰীয় জি এছ টি বিষয়া হজৰত আলি অহমেদৰ লগতে কাদং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক-শিক্ষয়ত্ৰীৰ লগতে স্থানীয় ৰাইজ ৷