জনীয়া, 14 নবেম্বৰ :কলগাছিয়াৰ বামুণটাৰীস্থিত আতাউৰ ৰহমান কলেজ অৱ এডুকেশ্বন প্ৰাংগণত দুই দিনীয়া কাৰ্যসূচীৰে অসমৰ প্ৰাক্তন মন্ত্ৰী শিক্ষাবিদ প্ৰয়াত আতাউৰ ৰহমানৰ জন্ম শতবৰ্ষ উপলক্ষে আয়োজিত দেওবাৰৰ মুকলি সভাত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ APDCL কেলেংকাৰী সন্দৰ্ভত তেওঁ কয় যে, দুৰ্নীতিমুক্ত শাসনৰ শ্লোগান দিয়া বি জে পি চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাত সম্পূৰ্ণ ব্যৰ্থ হৈছে ।
তেওঁ পুনৰ কয় যে, আৰক্ষীৰ চাকৰি , APDCL কে আদি কৰি বিভিন্ন চাকৰিৰ নিয়োগ প্ৰক্ৰিয়াত বিজেপিৰ শাসনত দুৰ্নীতি সংঘটিত হৈছে । APDCL ৰ পৰীক্ষা যদিও সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অনুষ্ঠিত হৈছিল সেই সময়তো ড৹ হিমন্ত বিশ্ব শৰ্মা গুৰুত্বপূৰ্ণ কেবিনেট মন্ত্ৰী আছিল আৰু সেয়ে এই কেলেংকাৰীৰ বাবে সৰ্বানন্দ সোণোৱাল অকলে জগৰীয়া নহয় গোটেই কেবিনেট খনেই দোষী বুলিও অভিযোগ কৰে তেওঁ ।