অসম

assam

By

Published : Oct 23, 2022, 11:55 AM IST

ETV Bharat / state

Last journey of Basistha Dev Sarma : বুঢ়াসত্ৰীয়াৰ অন্তিম সাক্ষাতৰ বাবে ৰাজপথত সহস্ৰাধিক গুণমুগ্ধ

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াৰ অন্তিম যাত্ৰাত অংশগ্ৰহণ হাজাৰ হাজাৰ গুণমুগ্ধৰ । বৰপেটা সত্ৰৰ বৰখাল হিচাপে পৰিচিত বাছ আস্থানত নিশা ৰখা হ'ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰদেহ (Last tribute to Satradhikar Basistha Dev Sharma)। য'ত গুণমুগ্ধই জনাব পাৰিব শেষ শ্ৰদ্ধাঞ্জলি ।

Last journey of Basistha Dev Sarma
বুঢ়াসত্ৰীয়াৰ অন্তিম যাত্ৰা

বৰপেটা,২৩ অক্টোবৰ :সত্ৰীয়া সংস্কৃতিৰ সাধক বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাই শনিবাৰে শেষ নিশ্বাস ত্যাগ কৰে (Basistha Dev Sharma no more)। বুঢ়াসত্ৰীয়াগৰাকীৰ বৈকুণ্ঠ প্ৰয়াণৰ খবৰ পোৱাৰ লগে লগে সমগ্ৰ অসমতে গভীৰ শোকৰ ছাঁ পৰিছে । গুৱাহাটীৰ GMCHত মৃত্যু হয় বুঢ়াসত্ৰীয়াগৰাকীৰ । গুৱাহাটীৰ পৰা শনিবাৰে নিশাই তেওঁৰ নশ্বৰদেহ বৰপেটালৈ লৈ যোৱা হয় ৷

বুঢ়াসত্ৰীয়াৰ সুন্দৰীদিয়াৰ নিজা বাসগৃহত তেওঁৰ নশ্বৰদেহ ৰখা হয় ৷ আজি পুৱা বৰপেটা সত্ৰৰ প্ৰসংগৰ পাছতে সত্ৰৰ গায়ন-বায়ন আৰু ভকত-বৈষ্ণৱে বুঢ়াসত্ৰীয়াগৰাকীৰ নশ্বৰদেহ তেওঁৰ বাসগৃহৰ পৰা বৰপেটা সত্ৰৰ বৰখাললৈ লৈ যায় ৷ বৰপেটাৰ ডেকাসত্ৰীয়া গৌতম পাঠকে জনোৱা মতে, পুৱা প্ৰথমতে বাপজনাৰ নশ্বৰদেহ নিজ বাসগৃহৰ পৰা প্ৰথমে সুন্দৰীদিয়া সত্ৰলৈ নিয়া হ'ব ৷

তাৰ পাছতে সুন্দৰীদিয়া সত্ৰৰ পৰা বুদৰুৰটুপ হৈ বিলৰটাৰী চ'ক হৈ বৰপেটা সদৰ থানাৰ সন্মুখেৰে গৈ বৰপেটা চহৰৰ পাঁচ আলি আৰু পশু চিকিৎসালয়ৰ সন্মুখেৰে বৰপেটা বিদ্যাপীঠ হাইস্কুলৰ সন্মুখেৰে বৰপেটা সত্ৰৰ বৰখাল হিচাপে পৰিচিত বাছ আস্থানত তেওঁৰ নশ্বৰদেহ ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হ'ব ৷ বুঢ়াসত্ৰীয়াগৰাকীৰ নশ্বৰদেহত ভক্ত তথা বিভিন্নজনে তাতেই শেষ শ্ৰদ্ধা জনাব পাৰিব (Last tribute to Satradhikar Basistha Dev Sharma)।

বুঢ়াসত্ৰীয়াৰ অন্তিম যাত্ৰা

ইফালে সোমবাৰে পুৱা বৰপেটা সত্ৰৰ পুৱাৰ প্ৰসংগৰ পাছতে বাপজনাৰ নশ্বৰদেহ বৰপেটা সত্ৰলৈ নিয়া হ'ব ৷ সত্ৰৰ কীৰ্তনঘৰ প্ৰদক্ষিণ কৰাই থুল তিনিহাটীৰ তিনি বাটচ'ৰালৈ লৈ গৈ সন্মান জনােৱা হ'ব ৷ তাৰ পাছতে বৰপেটা সত্ৰৰ খটখটিৰ পূব পাৰে বাপজনাৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব ৷

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা মতে সোমবাৰে ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া (Funeral of Basistha Dev Sarma)। বুঢ়াসত্ৰীয়াগৰাকীৰ মৃত্যুত সমগ্ৰ বৰপেটাতে শোকৰ ছাঁ পৰিছে । বুঢ়াসত্ৰীয়াগৰাকীৰ বাসগৃহত পুৱাৰে পৰা অগণন ভক্ত আৰু শুভাকাংক্ষীয়ে ভিৰ কৰা দেখা গৈছে । বৰপেটা চহৰৰ মাজেৰে হাজাৰ হাজাৰ লোকে শোভাযাত্ৰাৰ জৰিয়তে বুঢ়াসত্ৰীয়াৰ নশ্বৰদেহ লৈ যোৱা দেখা গৈছে । তেওঁৰ প্ৰতি শ্ৰদ্ধা জনায় দেওবাৰে বৰপেটাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানো বন্ধ ৰাখিছে ব্যৱসায়ীসকলে ।

লগতে পঢ়ক:Basistha Dev Sarma death : অসমবাসীৰ হৃদয়ত জীয়াই থাকিব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা, যাদৱ চন্দ্ৰ শৰ্মা

ABOUT THE AUTHOR

...view details