বৰপেটা, ৯ মাৰ্চ : দৌল মহোৎসৱ বুলি ক'লেই সকলোৰে মনলৈ আহে ঐতিহাসিক বৰপেটা সত্ৰৰ নাম (Holi celebration in Barpeta Satra)। প্ৰতিবছৰে ফাকুৱা বা হোলীৰ দিনকেইটাত লাখ লাখ ভক্তৰ আগমন ঘটে এই বৰপেটা সত্ৰলৈ । এইবাৰো ব্যতিক্ৰম নহয় । চাৰিদিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আয়োজিত দৌল মহোৎসৱৰ বৃহস্পতিবাৰে অন্তিম দিন । যাক ফাকুৱা হিচাপে পালন কৰা হৈছে ।
বৰপেটাৰ ফাকুৱা তথা হোলী উৎসৱৰ সুকীয়া আকৰ্ষণ আছে । সেইবাবে দূৰদূৰণিৰ পৰা ফাকুৱা চাবলৈ দৰ্শনাৰ্থী আহি বৰপেটাত উপস্থিত হয় । লোকে লোকাৰণ্য হৈ পৰা বৰপেটাত পুৱাৰে পৰা বিবিধ ৰঙৰ ফাকুৰে চৌদিশ ৰঙীন হৈ পৰিছে । বৰপেটাৰ প্ৰতিটো পথ উপপথো ৰঙত বুৰ গৈছে । আনহাতে বৰপেটা সত্ৰৰ চৌহদত শ শ লোক সমবেত হৈ ফাকুৱা উৎসৱত ভাগ লৈছে (Barpeta Satra Dol Mahotsav)। ইজনে সিজনৰ গালৈ বা মুখত ফাকু গুড়ি সানি আনন্দ প্ৰকাশ কৰিছে ।
পুৰুষ-মহিলাকে ধৰি সকলো বয়সৰ লোকে এই আনন্দত ভাগ লৈছে । সমান্তৰালভাৱে হোলী গীতৰ সুৰত চৌদিশ মুখৰিত হৈ পৰিছে । ইফালে নক্ষত্ৰ গণনাৰ ক্ষণ অনুসৰি পুৱতি নিশা ৪.২০ বজাত কলীয়া গোঁসাইক দৌলগৃহৰ পৰা নমাই আনি মঠৰ চোতালত ৰখা হৈছে । শ শ লোকে এই কাৰ্যসূচীত ভাগ লৈছে । গোঁসাইক দৌলগৃহৰ পৰা নমাই অনাৰ পাছৰে পৰা ফাকুৱা পালনৰ ক্ষণ আৰম্ভ হৈছে ।