অসম

assam

ETV Bharat / state

কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ ভয়াৱহ ৰূপ - কাছুমাৰা

ৰাজ্যত বানৰ ভয়াবহতাই শ শ পৰিয়ালৰ নিদ্ৰাহৰণ কৰিছে ৷ ফেনে - ফুটুকাৰে বাঢ়ি অহা বানে ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ধ্বংস কৰিছে ৷

ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

By

Published : Jul 1, 2019, 8:35 PM IST

গোৱালপাৰা, 1 জুলাই : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰাত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ খহনীয়াত ইতিমধ্যে অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ - দুৱাৰ জাহ যোৱাৰ লগতে কৃষি প্ৰধান অঞ্চলটোত জাহ গৈছে শ শ বিঘা কৃষি ভূমি ৷ নেৰানেপেৰা বৰষুণৰ ফলত ফেনে - ফুটুকাৰে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি অহাত দৰিদ্ৰ কৃষকৰ প্ৰায় এশ বিঘা মৰাপাট খেতিৰ লগতে প্ৰায় ৫০ বিঘা ইৰি ধান খেতিও জাহ গৈছে ৷

ভয়াৱহ ৰূপ লৈছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

এনেদৰে খহনীয়া অব্যাহত থাকিলে দুই এদিনতে শতাধিক পৰিয়ালৰ ঘৰ - দুৱাৰ পানীয়ে গ্ৰাস কৰাৰ আতংকত ভুগিছে গাঁওবাসী ৷ খহনীয়াই শ শ পৰিয়ালৰ নিদ্ৰাহৰণ কৰাৰ পাছতো জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ সংখ্যালঘু বসতি প্ৰধান অঞ্চলটোত ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

...view details