বৰপেটা, 7 জুনঃ বেদখলকাৰীৰ কবলত মাধৱদেৱ গুৰুজনাই স্থাপন কৰা সুন্দৰীদিয়া সত্ৰৰ ভূমি ৷ মাধৱদেৱ গুৰুজনাই প্ৰায় চৈধ্য বছৰ ছমাহ কাল সত্ৰ পাতি বাস কৰা সুন্দৰীদিয়া সত্ৰৰ প্ৰায় শতাধিক বিঘা মাটি এতিয়া বেদখলকাৰীৰ কবলত ৷ সন্দেহজনক নাগৰিকে সত্ৰৰ মাটি বেদখল কৰি নিৰ্মাণ কৰিছে ৰাজহুৱা বাট-পথকে ধৰি ঘৰ-দুৱাৰ, পুখুৰী আদি ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে সুন্দৰীদিয়া সত্ৰৰ নামত আবন্টন দিয়া ৪৫০ বিঘা মাটিৰ লগতে ১৯৯৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ দিনৰ পৰাই সত্ৰৰ অধীনত থকা 'বৰিয়া বিলখন'টো চলিছে ব্যাপক বেদখল ৷ ৰাজ্য চৰকাৰক বছৰেকত প্ৰায় ডেৰলাখ টকাৰ ৰাজহ আদায় দি বৰিয়া বিলখন ডাকত লৈ চলাই অহাৰ পাচত শেহতীয়াকৈ বৰিয়া বিলৰ মাটি দখল কৰি ঘৰ-দুৱাৰ সাজি বাস কৰাৰ লগতে বৃহৎ পুখুৰী খান্দি সন্দেহজনক লোকে চলাইছে বেদখল ৷
বেদখল মুক্ত হ'বনে সুন্দৰীদিয়া সত্ৰৰ ভূমি ? - BARPETA
বেদখলকাৰীৰ কবলত সুন্দৰীদিয়া সত্ৰৰ প্ৰায় শতাধিক বিঘা মাটি ৷ বেদখলকাৰীৰ বাবেই এতিয়া সত্ৰখন চলোৱা কঠিন হৈ পৰিছে সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ ৷
ইপিনে খেতি চপোৱাৰ সময়ত অথবা বিলত মাছ ধৰাৰ সময়ত প্ৰায়ে বেদখলকাৰীৰ সৈতে সংঘাত সৃষ্টি হয় সত্ৰখনৰ ৷ ফলত সত্ৰখন চলোৱা কঠিন হৈ পৰিছে সত্ৰাধিকাৰ আৰু সত্ৰ পৰিচালনা সমিতিৰ বাবে ৷ আনকি বেদখলকাৰীৰ ভয়ত সত্ৰাধিকাৰগৰাকীয়ে আৰক্ষীৰো কাষ চাপিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ৷ শেহতীয়াভাৱে, ব্ৰিটিছৰ দিনতে প্ৰৱৰ্তিত ভূমিলেখ অধিনিয়মৰ সংশোধনী ঘটাই সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও সুন্দৰীদিয়া সত্ৰৰ লগতে ৰাজ্যৰ আন আন সত্ৰসমূহ বেদখল মুক্ত হ'বনে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ৷
লগতে পঢ়ক - ফণীৰ ধ্বংসলীলাঃ ওড়িশাক প্ৰয়োজন 9,000 কোটি টকা