গোৱালপাৰা, 1 জুন: ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ পৰিণতি (Land dispute case at Baghmara) ৷ বৰপেটাৰ বাঘমাৰা চৰত দুই ফৈদৰ মাজত ভূমিকেন্দ্ৰীক সংঘাতৰ ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হয় (Two parties clash for land) । এই মাৰপিটৰ ঘটনাক ১১ জনকৈ লোক গুৰুতৰভাৱে আহত হৈছে (11 injured in land dispute case)। সম্প্ৰতি আহতকেইগৰাকীক স্থানীয় চিকিৎসালয়তে ভৰ্তি কৰা হৈছে যদিও দুগৰাকীৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে উন্নত চিকিৎসাৰ বাবে ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে ।
বৰপেটা জিলাৰ দক্ষিণ প্ৰান্তৰ তথা গোৱালপাৰা জিলাৰ সীমামূৰীয়া অঞ্চল বাঘবৰৰ সমষ্টিৰ আলোপতি থানাৰ অন্তৰ্গত ৪ নং বাঘমাৰা চৰত সংঘটিত হৈছে এই ঘটনা । ইয়াৰ আলী আৰু নজৰ আলীৰ মাজত দীৰ্ঘদিন ধৰি এডোখৰ ভূমিক লৈ পাৰিবাৰিক সংঘাত চলি আছিল। দীর্ঘদিনীয়া ভূমিকেন্দ্ৰীক সংঘাতে বৃহস্পতিবাৰে চৰম ৰূপ লয় (Land dispute clash turns into horror) ৷
লগতে পঢ়ক:Junmoni Rabha death case: অপৰাধ জগতৰ সৈতে মধুৰ সম্পৰ্ক আছে আৰক্ষীৰ; ডি ৱাই এফ আই