ভূমি বিবাদক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিট জনিয়া, 20 নৱেম্বৰ :বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শৰিয়াতপুৰ গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা । মাৰপিটত প্ৰতিপক্ষৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে দুজন । চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আহতসকলক । জানিব পৰা মতে, অৱস্থা অতি সংকটজনক তেওঁলোকৰ । কলগাছিয়া আৰক্ষী থানাত দাখিল কৰা হৈছে এজাহাৰ ।
উল্লেখযোগ্য যে, শৰিয়াতপুৰ গাঁৱৰ আব্দুল কাদেৰ আৰু তেওঁৰ সতীয়া ভাতৃ ইছমাইল হুছেইনৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছিল ভূমি বিবাদ । উক্ত ভূমি বিবাদৰ মীমাংসা কৰাৰ উদ্দেশ্যে আজি সোমবাৰে সন্ধিয়া সামাজিক মেলৰ দিন তাৰিখ ধাৰ্য কৰি দিছিল আৰক্ষী থানাই ৷ এই ভূমি বিবাদক কেন্দ্ৰ কৰি পূৰ্বেই থানাত ৰুজু কৰা হৈছিল গোচৰ । সেই মতেই আৰক্ষীয়ে ধাৰ্য কৰি দিছিল সোমবাৰৰ দিনটো ৷
20 নৱেম্বৰৰ পুৱা আব্দুল কাদেৰ আৰু তেওঁৰ পুত্ৰ মাইনুদ্দিন আহমেদে নিজৰ পাট্টাৰ মাটিত থকা ধান খেতিত ধান কাটিবলৈ যায় । সেই সময়তে প্ৰতিপক্ষ ইছমাইল হুছেইন আৰু তেওঁৰ লগত থকা চাৰিজনীয়া গুণ্ডাৰ দলে হাতে হাতে লাঠী, দা, জোং আদি লৈ পৰিকল্পিতভাৱে ধান খেতিত অনাধিকাৰে প্ৰৱেশ কৰে ৷ প্ৰথমে ইছমাইল হুছেইনে আব্দুল কাদেৰক হত্যা কৰাৰ উদ্দেশ্যেৰে লাঠীৰে কোবাই হাত ভাঙি দিয়াৰ লগতে বাকী কেইজনে সৰ্বশৰীৰত নিৰ্মমভাৱে প্ৰহাৰ কৰি বেয়াকৈ আহত কৰে তেওঁক । পিছে এইডৰা ধান খেতিৰ বাবে তেওঁলোকৰ মাজত বিবাদ নাছিল ৷
পিতৃৰ লগত পথাৰতে থকা পুত্ৰই চিঞৰ-বাখৰ শুনি পুত্ৰ আগুৱাই যোৱাত ইছমাইল হুছেইনৰ লগত থকা তিনি গুণ্ডা ক্ৰমে আমিনুল ইছলাম, মাহাবুল ইছলাম আৰু মনিৰুল ইছলামে মাইনুদ্দিন আহমেদক কোৰেৰে কোবাই মূৰ ফালি দিয়াৰ লগতে দাৰে কোবাই দুয়োখন হাতৰ বিভিন্ন অংশত ক্ষত-বিক্ষত কৰে । ঘটনাৰ পিচত ওচৰ চুবুৰীয়াই দুয়োকে উদ্ধাৰ কৰি বৰপেটা অসামৰিক চিকিৎসালয় কলগাছিয়াত ভৰ্তি কৰায় । ভুক্তভোগীয়ে প্ৰতিপক্ষৰ বিৰুদ্ধে কলগাছিয়া আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে । এতিয়া আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় বিষয় ।
লগতে পঢ়ক :ভূমি কেন্দ্ৰীক সংঘাত; কণিষ্ঠ ভাতৃৰ আক্ৰমণত আহত জ্যেষ্ঠ ভাতৃ