অসম

assam

ETV Bharat / state

ঔষধ আনিবলৈ গৈ নিৰুদ্দেশ দুই সন্তানৰ মাতৃ

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০০৯ চনত বিষ্ণুপুৰ গাঁৱৰ সঞ্জীত দাসৰ সৈতে বৰবিলা গাঁৱৰ নয়নমণি দাস বিবাহপাশত আৱদ্ধ হৈছিল । কিন্তু বিগত চাৰিদিন ধৰি পত্নী সন্ধানহীন হৈ থকাত এতিয়া শোকত ভাঙি পৰিছে স্বামীসহ দুই পুত্ৰ ৷

By

Published : Aug 1, 2021, 7:49 AM IST

lady missing for 4 days from barpeta
চাৰিদিনে সন্ধানহীন বৰপেটা নয়নমণি দাস: শোকত ভাগি পৰিছে স্বামীসহ দুই পুত্ৰ

বৰপেটা, ৩১ জুলাই : বৰপেটাৰ বিষ্ণুপুৰ গাঁৱৰ এগৰাকী বিবাহিত মহিলা বিগত চাৰিদিন ধৰি সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে । সন্ধানহীন মহিলাগৰাকী বিষ্ণুপুৰ গাঁৱৰ সঞ্জীত দাসৰ পত্নী নয়নমণি দাস ৷ নয়নমণি দাসে মঙলবাৰে পুৱা পুত্ৰৰ ঔষধ অনাৰ উদ্দেশ্যে বৰপেটালৈ বুলি ওলাই গৈছিল । ঔষধ আনিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী ।

নয়নমণি দাসৰ স্বামী সঞ্জীত দাসে মঙলবাৰে গোটেই দিনটো বিচাৰ-খোচাৰ কৰি কোনো সম্ভেদ নোপোৱাত ২৮ জুলাইত বৰপেটা সদৰ থানাত এখন এজাহাৰ দাখিল কৰে । উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত ২০০৯ চনত বিষ্ণুপুৰ গাঁৱৰ সঞ্জীত দাসৰ সৈতে বৰবিলা গাঁৱৰ নয়নমণি দাস বিবাহপাশত আৱদ্ধ হৈছিল । তেওঁলোকৰ দুই পুত্ৰ ক্ৰমে পল্লৱ দাস (১০)আৰু বিপ্লৱ দাস (৭) ৷

চাৰিদিনে সন্ধানহীন বৰপেটা নয়নমণি দাস: শোকত ভাগি পৰিছে স্বামীসহ দুই পুত্ৰ

নয়নমণি দাস সন্ধানহীন হোৱাৰ পিচৰেপৰাই পৰিয়ালটোৰ লগতে দুই পুত্ৰ সন্তান শোকত ভাগি পৰিছে ৷ কণমানি দুই পুত্ৰৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিৰুদ্দিষ্ট নয়নমণি দাসৰ সন্ধান উলিয়াবলৈ বৰপেটা আৰক্ষীক আহ্বান জনাইছে স্বামী সঞ্জীত দাসে ।

লগতে পঢ়ক :বিদ্যালয়ৰ বিৰুদ্ধে ব্যৱসায় চলোৱাৰ অভিযোগ অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ !

ABOUT THE AUTHOR

...view details