অসম

assam

By

Published : Jul 18, 2022, 8:55 PM IST

ETV Bharat / state

Examples of developed Assam: এটুপি খোৱাপানীৰ বাবে দুৰ্ভোগ ভুগিছে বৰপেটা চহৰবাসীয়ে

3 বছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল পানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম ৷ ফলত বিষাক্ত আৰ্চেনিক আৰু আইৰণযুক্ত পানী খাই অথবা ক্ৰয় কৰা পানীৰে জীৱন অতিবাহিত কৰিছে বৰপেটা চহৰবাসীয়ে (Drinking water containing poisonous arsenic and iron) ৷

Drinking water problem in Barpeta
এটুপি খোৱা পানীৰ বাবে দুৰ্ভোগ ভুগিছে বৰপেটাবাসীয়ে

বৰপেটা, 18 জুলাই: এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিছে বৰপেটা চহৰবাসীয়ে (Lack of drinking water in Barpeta city) ৷ 3 বছৰ পৰ্যন্ত সম্পূৰ্ণ নহ'ল পানী যোগান আঁচনিৰ নিৰ্মাণৰ কাম ৷ ফলত বিষাক্ত আৰ্চেনিক আৰু আইৰণযুক্ত পানী খাই অথবা ক্ৰয় কৰা পানীৰে জীৱন অতিবাহিত কৰিছে বৰপেটা চহৰবাসীয়ে (Drinking water containing poisonous arsenic and iron) ৷

ইতিমধ্যে জৰাজীৰ্ণ হৈ থকা বৰপেটা চহৰৰ দুটাকৈ পানী যোগান আচনি বিভাগীয় নিৰ্দেশনা অনুসৰি তিনিবছৰ পূৰ্বেই ভাঙি পেলাইছিল ঠিকাদাৰে ৷ তাৰ পিছতে ঠিকাদাৰে নতুনকৈ আৰম্ভও কৰিছিল পানী যোগান আঁচনিৰ কাম ৷ কিন্তু আজি পৰ্যন্ত পানী যোগান আঁচনি কেইখনৰ 20 শতাংশও কাম নহ’ল ৷

এটুপি খোৱা পানীৰ বাবে দুৰ্ভোগ ভুগিছে বৰপেটাবাসীয়ে

ইপিনে বৰপেটা পৌৰসভাৰ পৌৰপতিয়ে কয় যে নিৰ্বাচনৰ সময়ত আমাৰ প্ৰথমটো পদক্ষেপে আছিল যে বৰপেটা চহৰবাসীক বিশুদ্ধ খোৱা পানী যোগান ধৰা ৷ কিন্তু বিভাগীয় অনুমতি লাভ নকৰাকৈয়ে নতুনকৈ ঠিকাদাৰে পানী যোগান আঁচনি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল ৷ লগতে উল্লেখ কৰিলে পুৰণি আঁচনিখনৰ ম্যাদ উকলি যোৱাত নতুনকৈ কাম আৰম্ভ কৰিবলগীয়া হৈছিল ৷

ইফালে বৰপেটা চহৰবাসীয়ে কেতিয়াকৈ বিশুদ্ধ খোৱাপানী লাভ কৰিব তাৰ কোনো নিশ্চয়তা নোহোৱাত চিন্তিত হৈছে স্থানীয় লোক ৷ এনে পৰিপেক্ষিতত পৌৰসভাৰ ফালৰ পৰা নিজাববীয়াকৈ আঁচনি লৈ ৰাইজক বিশুদ্ধ খোৱা পানীৰ যোগান ধৰা হ'ব বুলি জনায় পৌৰপতিগৰাকীয়ে ৷ অলপ সময় লাগিলেও আগন্তুক দিনত চহৰখনত 6 ৰ পৰা 7 টাকৈ ৱাটাৰ প্লেণ্ট বঢ়োৱা হ'ব বুলিও আশ্বাস দিয়ে পৌৰপতিগৰাকীয়ে ৷

লগতে পঢ়ক :Youth drowned while taking bath: গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰত উটি গ’ল এজন যুৱক

ABOUT THE AUTHOR

...view details