অসম

assam

ETV Bharat / state

অস্ত্ৰ-শস্ত্ৰৰ পৰিৱৰ্তে অৰ্থনৈতিকভাৱে যুঁজ দিয়াৰ আহ্বান জয়ন্ত মল্ল বৰুৱাৰ - বৰপেটাৰোডত লাচিত দিৱস উদযাপন

বৰ্তমান সময়ত লাচিতৰ প্ৰাসংগিকতা আছে ৷ লাচিত বৰফুকনৰ আদৰ্শৰে শক্তিশালী অসমীয়া জাতি হিচাপে আনৰ বিপক্ষে যুঁজিব পৰাকৈ আমি নিজকে প্ৰস্তুত কৰিব লাগে ৷ বৰপেটাৰোডত লাচিত দিৱসৰ কাৰ্যসূচীত (Lachit Divas Celebration at Barpeta Road) উপস্থিত থাকি এই মন্তব্য জয়ন্ত মল্ল বৰুৱাৰ ৷

Lachit Divas observed in Barpeta district
অস্ত্ৰ-শস্ত্ৰৰ পৰিবৰ্তে অৰ্থনৈতিকভাৱে যুঁজ দিয়াৰ আহ্বান

By

Published : Nov 26, 2021, 8:10 AM IST

Updated : Nov 26, 2021, 8:32 AM IST

বৰপেটাৰোড, 26 নৱেম্বৰ :অসমত মোগলৰূপী আক্ৰমণকাৰী আহিছে ৷ অসমখনৰ হিন্দু সভ্যতা-সংস্কৃতি-অৰ্থনীতি সকলোতে আক্ৰমণ কৰিছে ৷ সেয়ে প্ৰতিজন অসমীয়াই বুজিব লাগিব আৰু মোগলৰূপী আগ্ৰাসনৰ বিৰুদ্ধে থিয় দিব লাগিব ৷ তাৰবাবে একগোট হৈ থিয় দিব লাগিব ৷ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বুধবাৰে বৰপেটাৰোডত কেন্দ্ৰীয়ভাৱে আয়োজিত লাচিত দিৱস (Lachit Divas Celebration at Barpeta Road)ৰ মুকলি সভাত অংশ লৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্ল বৰুৱাই বৰ্তমান সময়ত লাচিতৰ প্ৰাসংগিকতা সন্দৰ্ভত এই কথা ব্যক্ত কৰে ৷

অস্ত্ৰ-শস্ত্ৰৰ পৰিবৰ্তে অৰ্থনৈতিকভাৱে যুঁজ দিয়াৰ আহ্বান

তেওঁ সম্প্ৰতি অসমখনক বিভিন্নজনে বিভিন্ন জাতি-জনগোষ্ঠীক ভাগ ভাগ কৰিবলৈ চেষ্টা কৰিছে বুলি উল্লেখ কৰি সকলো একগোট হ’বলৈ আহ্বান জনায় ৷ বৰুৱাই লগতে এক সনাতনী সভ্যতাক বিশ্বাস কৰা মানুহখিনি একলগ হৈ থিয় দিলেহে অসমীয়া জাতিটোক বচাব পাৰিব বুলিও উল্লেখ কৰে ৷ আনহাতে, মুকলি সভাত অংশ লৈ বিধায়ক পদ্ম হাজৰিকাই যেতিয়ালৈকে অসমীয়া জাতি সংকটত থাকিব, দেশৰ প্ৰতি সংকট থাকিব তেতিয়ালৈকে বীৰ লাচিতৰ প্ৰাসংগিকতা সদায় থাকিব বুলি উল্লেখ কৰে ৷

বিধায়ক পদ্ম হাজৰিকাই হিন্দু যুৱ ছাত্ৰ পৰিষদে লাচিত দিৱসৰ দিনা বীৰ লাচিতক সোঁৱৰি লোৱা পদক্ষেপৰ শলাগ লয় ৷ তেওঁ লাচিত বৰফুকনৰ আদৰ্শৰে শক্তিশালী অসমীয়া জাতি হিচাপে আনৰ বিপক্ষে যুঁজিব পৰাকৈ নিজকে প্ৰস্তুত কৰিব লাগিব বুলি উল্লেখ কৰে ৷ ইয়াৰ লগতে বিধায়ক পদ্ম হাজৰিকাই এক বিশেষ সম্প্ৰদায়ৰ লোকে অসমীয়া লোকসকলক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰি আমাৰ সূৰ্য্য-বীৰ্য নোহোৱা কৰিবলৈ চেষ্টা কৰি আছে বুলিও মন্তব্য কৰে ৷

তেওঁ লগতে অস্ত্ৰ-শস্ত্ৰৰ যুঁজৰ দিন অতিক্ৰম হৈছে বুলি মন্তব্য কৰি অৰ্থনৈতিকভাৱে এই যুঁজখন দিবলৈ প্ৰস্তুত হ’বলৈ আহ্বান জনায় ৷ হাজৰিকাই প্ৰকৃতাৰ্থত উৎপাদনশীল এটা যাত্ৰাত অৰ্থনৈতিক দিশত স্বাৱলম্বী হোৱাৰ বাবে অগ্ৰসৰ হ’বলৈ সকলোকে আহ্বান জনায় ৷ তেওঁ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গৰুখুঁটিত বেদখল উচ্ছেদ (Darrang Garukhuti Eviction) চলাই সেই ভূমিত কৰ্ম সংস্কৃতি গঢ়িবলৈ লোৱাৰ কথা উল্লেখ কৰি অসমীয়া যুৱক-যুৱতীসকলক কৃষি বিপ্লৱ কৰিবলৈ আৰু লগতে মাছ মাংস গাখীৰ আদি উৎপাদন কৰিবলৈ আহ্বান জনায় ৷ তেওঁ নিজকে অৰ্থনৈতিক বিপ্লৱৰ সেনাধ্যক্ষৰ পৰিৱৰ্তে কৃষি বিপ্লৱৰ এজন সৈনিক বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক :বেজৰ ওচৰলৈ যিমান যাব সিমানেই মানুহ মৰিব : বীৰুবালা ৰাভা

Last Updated : Nov 26, 2021, 8:32 AM IST

ABOUT THE AUTHOR

...view details