অসম

assam

ETV Bharat / state

স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতা; পাঁচ বছৰে মুকলি নহ'ল কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ - স্বাস্থ্য কেন্দ্ৰ

নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাঁচ বছৰৰ পাছতো স্বাস্থ্য সেৱাৰ বাবে মুকলি নহ'ল বৰপেটাৰ সৰ্থেবাৰীৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ স্বাস্থ্য কেন্দ্ৰটো মুকলি হ'লে উপকৃত হ’ব সৰ্থেবাৰীৰ 20 খনৰো অধিক গাঁৱৰ ৰাইজ ৷

kukarpar Primary Health Centre
পাঁচ বছৰে মুকলি নহ'ল কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

By

Published : Aug 23, 2021, 5:21 PM IST

বৰপেটা, 23 আগষ্ট : স্বাস্থ্য বিভাগৰ গুৰুত্বহীনতাৰ বাবেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাঁচ বছৰৰ পাচতো স্বাস্থ্য সেৱাৰ বাবে মুকলি নহ'ল বৰপেটাৰ এটা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ সেয়েহে ৰাইজৰ প্ৰশ্ন, কোন দিশে গতি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ? কোটি কোটি টকাৰ খৰচ কৰি এটা স্বাস্থ্য কেন্দ্ৰ নিৰ্মাণ কৰাৰ পাচতো কিয় ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হোৱা নাই ?

স্থানীয় একাংশ লোকে সদৰি কৰা মতে, বৰপেটা জিলাৰ সৰ্থেবাৰীৰ কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্য পাঁচ বছৰৰ পূৰ্বেই সম্পূৰ্ণ হ'ল ৷ স্বাস্থ্য কেন্দ্ৰটোৰ বাবে কেইবাটাও গৃহ নিৰ্মাণ কৰা হ'ল ৷ তদুপৰি স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে গৃহকেইটাত মজুত কৰা হ'ল ৷ পিছে সকলো ধৰণৰ সা-সুবিধা উপলব্ধ থকাৰ পাচতো কিন্তু আজিকোপতি ৰাইজৰ সেৱাৰ বাবে কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰা নহ'ল ৷

পাঁচ বছৰে মুকলি নহ'ল কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

লগতে পঢ়ক :সুস্মিতা দেবক অসমত মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰিব তৃণমূল কংগ্ৰেছে

স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰা হ'লে উপকৃত হ’ব সৰ্থেবাৰীৰ 20 খনৰো অধিক গাঁৱৰ ৰাইজ ৷ কিন্তু কেন্দ্ৰটো নিৰ্মাণ কৰিও মুকলি নকৰাৰ ফলত আজিও স্বাস্থজনিত সমস্যাৰ সন্মুখীন হৈছে 20 খনৰো অধিক গাঁৱৰ ৰাইজ ৷

স্থানীয় একাংশ লোকে সাংবাদিকৰ আগত অভিযোগ কৰা মতে, চিকিৎসকৰ অভাৱৰ লগতে কৰ্মচাৰী অভাৱৰ বাবেই কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিবলৈ সাহস কৰা নাই স্বাস্থ্য বিভাগে ৷ তদুপৰি এই স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰিবলৈ তিনিবাৰ তাৰিখ পৰ্যন্ত ধাৰ্য কৰা হৈছিল ৷ কিন্তু স্বাস্থ্যমন্ত্ৰী গৰাকীৰ অমনোযোগিতাৰ বাবেই আজিও স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰা নহ'ল বুলি আন একাংশ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: ফুচকা বিক্ৰেতাৰ জঘন্য কাণ্ড ছ'চিয়েল মিডিয়াত ভাইৰেল : অৱশেষত গ্ৰেপ্তাৰ

তাৰোপৰি ক'ভিডৰ এই জটিল পৰিস্থিতিৰ মাজতো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা এই স্বাস্থ্য কেন্দ্ৰটোৰ মুকলি নকৰাক লৈও ক্ষোভ প্ৰকাশ কৰিছে অকাংশ স্থানীয় লোকে ৷ স্থানীয় লোকে সাংবাদিকৰ আগত কয়, গাঁৱৰ ৰাইজৰ যিকোনো বেমাৰ-আজাৰ হ'লেই স্বাস্থ্য সেৱাৰ বাবে হাহাকাৰ কৰিবলগীয়া হয়, যিহেতু কুকাৰপাৰ অঞ্চলৰ সমীপত নাই কোনো বিকল্প স্বাস্থ্য সেৱা কেন্দ্ৰ ৷ গতিকে কুকাৰপাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোক অতি সোনকালে ৰাইজৰ বাবে মুকলি কৰিবলৈ স্থাস্থ্য বিভাগক দাবী জনাইছে স্থানীয় লোক সকলে ৷

লগতে পঢ়ক: ভদীয়া বানত বুৰ গ’ল জোনাইৰ কেইবাখনো গাঁও

ABOUT THE AUTHOR

...view details