বৰপেটা ১৬ ফেব্ৰুৱাৰী :বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত ২০ ফেব্ৰুৱাৰীৰ পৰা সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্তন ৷ বিশ্ব শান্তিৰ বাবে আয়োজিত এই একনাম কীৰ্তনৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লক্ষাধিক ভক্তক আদৰিবলৈ সাজু হৈছে কৃষ্ণগুৰু সেৱাশ্ৰম । এই অখণ্ড কীৰ্তনতে আশ্ৰমৰ পৰা ভক্তগণে শৰণাপন্ন হৈ লৈ যায় প্ৰভুৰ বাণী ৷ অনুষ্ঠানত একনাম কীৰ্তনৰ লগতে ধৰ্মালোচনা সভা, সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হ'ব ৷
বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড একনাম কীৰ্তনৰ প্ৰস্তুতি - krishnaguru sewashram
আধ্যাত্মিক ভক্তি ৰসেৰে বিজৰিত বৰপেটা জিলাৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম । বিশ্ব শান্তিৰ হকে কৃষ্ণগুৰু সেৱাশ্ৰমত আয়োজন কৰা অখণ্ড একনাম কীৰ্তনৰ বাবে এতিয়া আশ্ৰমৰ চৌহদত বিৰাজ কৰিছে নান্দনিক পৰিবেশে ।

বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড একনাম কীৰ্তনৰ প্ৰস্তুতি
কৃষ্ণগুৰু সেৱাশ্ৰমৰ অখণ্ড একনাম কীৰ্তনত অংশগ্ৰহণৰ বাবে দূৰ দূৰণিৰ পৰা আহিবলগীয়া প্ৰায় ৫০ হাজাৰ ভক্তগণক ৰখাৰ বাবে স্থায়ী শিবিৰৰ ব্যৱস্থা কৰিছে আশ্ৰম কৰ্তৃপক্ষই । য'ত নিশা থকা আৰু খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে । দিল্লী, উৰিষ্যা, উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ পৰা ভকতবৃন্দ আহিব বুলি কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভক্তিমাতৃ কুন্তলা পাটোৱাৰী গোস্বামীয়ে জানিবলৈ দিয়ে ৷
বৰপেটাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত অখণ্ড একনাম কীৰ্তনৰ প্ৰস্তুতি
লগতে পঢ়ক :বিধায়ক ভূৱন পেগুৰ বিজেপিত যােগদান