অসম

assam

ETV Bharat / state

বিশ্বশান্তিৰ বাবে নসত্ৰত কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন

কৃষ্ণগুৰু সেৱাশ্ৰমত আজি পৰা আৰম্ভ হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন । বিশ্ব শান্তিৰ বাবে প্ৰতিবছৰৰ দৰে এইবাৰো সাতদিনীয়াকৈ আৰম্ভ হৈছে এই অখণ্ড এক নাম কীৰ্ত্তন ।

By

Published : Feb 20, 2021, 3:07 PM IST

নসত্ৰত বিশ্বশান্তিৰ বাবে অনুষ্ঠিত হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন
নসত্ৰত বিশ্বশান্তিৰ বাবে অনুষ্ঠিত হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন

বৰপেটা ২০ ফেব্ৰুৱাৰী :আধ্যাত্মিক চিন্তা চৰ্চাৰ কেন্দ্ৰস্থল বৰপেটা জিলাৰ নসত্ৰস্থিত কৃষ্ণগুৰু সেৱাশ্ৰমৰ নামঘৰত শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন । এসপ্তাহ ধৰি অখণ্ড ভাৱে চলিব এই কৃষ্ণগুৰু এক নাম কীৰ্ত্তন । আধ্যাত্মিক গুৰু কৃষ্ণগুৰু প্ৰভুই স্থাপন কৰা নসত্ৰৰ এই কৃষ্ণগুৰু সেৱাশ্ৰমত ভক্তি ৰসত বিলীন হৈছে হাজাৰ হাজাৰ ভকত ।

নসত্ৰত বিশ্বশান্তিৰ বাবে অনুষ্ঠিত হৈছে কৃষ্ণগুৰু অখণ্ড একনাম কীৰ্ত্তন

আজি পুৱা আধ্যাত্মিক গুৰু গুৰুকৃষ্ণ প্ৰেমানন্দ প্ৰভুয়ে ভাগৱত সাৰ স্থাপন কৰি গুৰু বন্দনাৰে আৰম্ভ কৰে এই অখণ্ড এক নাম কীৰ্ত্তন । উল্লেখযোগ্য যে অসমৰ ভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্যৰ পৰাও আহিছে কৃষ্ণগুৰু ভকত । দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, মেঘালয়, এলাহাবাদ, অৰুনাচল আদিৰ পৰা নসত্ৰলৈ আহিছে ভকতবৃন্দ ।

লগতে পঢ়ক:সামাজিক মাধ্যমত পিতৃ-কন্যাৰ ফটো বিকৃত কৰি গ্ৰেপ্তাৰ যুৱক

ABOUT THE AUTHOR

...view details