অসম

assam

ETV Bharat / state

বৰপেটাৰ কৃষক মেলাত বাংলা ভাষাৰ পয়োভৰ - বৰপেটা

খোদ চৰকাৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত মেলাতে বাংলা ভাষাৰ বেনাৰ অংশগ্ৰহণকাৰী প্ৰতিষ্ঠানৰ

বৰপেটাত কৃষক মেলা

By

Published : Mar 5, 2019, 10:56 PM IST

বৰপেটা, ৫ মাৰ্চ :মঙলবাৰৰ পৰা বৰপেটাত অনুষ্ঠিত হোৱা কৃষক মেলাত বাংলা ভাষাৰ পয়োভৰ । বৰপেটাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কৃষক মেলাত অংশগ্ৰহণ কৰা একাংশ প্ৰতিষ্ঠানে লগালেবাংলাভাষাৰ বেনাৰ-পোষ্টাৰ ।খোদ চৰকাৰী বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানতে অসমীয়া ভাষাৰ সলনি বাংলা ভাষাৰ ব্যৱহাৰ দেখি উক্ত অনুষ্ঠানত উপস্থিত থাকিক্ষোভিত হৈ পৰে বিজেপিৰ ৰাজ্যিক সভাপতিৰঞ্জিত কুমাৰ দাসে ।

বৰপেটাত কৃষক মেলা
লগতে তেওঁ কয় যে, চৰকাৰীভাৱেযদি আমি অসমীয়া ভাষাটো নাৰাখো তেন্তে কোনে ৰাখিব বুলিও মত পোষণ কৰেসভাপতিগৰাকীয়ে ।নৰেন্দ্ৰ মোডীয়ে কৃষকৰ আয় দুগুন কৰি কৃষকসকলক আগুৱাই নিবৰ বাবে কৰা প্ৰচেষ্টা সাৰ্থক হৈ পৰাৰ লগতে কৃষি বীমা যোজনাকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ জৰিয়তে কৃষকসকল উপকৃত হোৱাৰ বুলিও ব্যক্ত কৰে তেওঁ ৷ইপিনে চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত এই কৃষক মেলাত এনেদৰে বাংলা ভাষাৰ প্ৰচলনে চকু কপালত তুলিছে সকলোৰে ।

ABOUT THE AUTHOR

...view details