অসম

assam

ETV Bharat / state

বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে পুনৰ জব্দ কৰিলে 82 বাণ্ডিল কোৰিয়ান চিগাৰেট - ক্ৰাইম প্ৰিভেনচন ডিটেকচন অফ স্কোৱাট্চ

বৰপেটাৰোডৰ ৰেলৱে আৰক্ষীৰ অভিযানত পুনৰ জব্দ কোৰিয়ান চিগাৰেট ৷ নামনিমুৱা চেন্নাই এক্সপ্ৰেছত উদ্ধাৰ এই নিষিদ্ধ চিগাৰেটখিনি ৷ জব্দ কৰা চিগাৰেটখিনিৰ আনুমানিক মূল্য প্ৰায় 5 লাখ 74 হাজাৰ টকা ৷

বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে পুনৰ জব্দ কৰিলে 82 বাণ্ডিল কোৰিয়ান চিগাৰেট

By

Published : Sep 10, 2019, 6:11 PM IST

Updated : Sep 10, 2019, 6:24 PM IST

বৰপেটাৰোড 10 চেপ্তেম্বৰ- বৰপেটাৰোডৰ ৰেলৱে আৰক্ষীয়ে নামনিমুৱা চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ীত অভিযান চলাই কোৰিয়াত নিৰ্মিত 82 বাণ্ডিল চিগাৰেট পুনৰ জব্দ কৰে ৷ এক গোপন সূত্ৰৰ ভিত্তিত ৰঙিয়া ডিভিজনৰ ক্ৰাইম প্ৰিভেনচন ডিটেকচন অফ স্কোৱাডছৰ এটা দলে বৰপেটাৰোড ৰেল আৰক্ষীৰ মুখ্য কনিষ্টবল মেনাজ আলীৰ নেতৃত্বত সোমবাৰে নামনিমুৱা চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ীৰ 193358 নম্বৰ দবাত চলোৱা অভিযান কালত নলবাৰী আৰু কৈঠালকুছি ৰেল ষ্টেচনৰ মাজত ৰেলৰ দবাটোৰ বাথৰূমৰ কাষত ২ খন ডাঙৰ মোনাৰ ভিতৰৰ পৰা উক্ত চিগাৰেট সমূহ জব্দ কৰে ৷ উল্লেখ্য যে, একাংশ অসাধু ব্যৱসায়ীয়ে উক্ত চিগাৰেট সমূহ কোৰিয়াৰ পৰা ম্যানমাৰ-মণিপুৰ-ডিমাপুৰ হৈ চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ী যোগে দক্ষিণ ভাৰতলৈ কঢ়িয়াই লৈ গৈ আছিল ৷ কৰ ফাঁকি দি এইদৰে অবৈধ ভাৱে কঢ়িয়াইলৈ গৈ থকা অবৈধ ব্যৱসায়ীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই দলটিয়ে ৷ প্ৰতিটো চিগাৰেটৰ মূল্য ৩৫ টকা বুলি জানিব পৰা গৈছে ৷ জব্দ কৰা উক্ত চিগাৰেটৰ আনুমানিক মূল্য প্ৰায় 5 লাখ 74 হাজাৰ টকা হ'ব বুলি অভিযানকাৰী ৰেল আৰক্ষীৰ দলটিয়ে জানিবলৈ দিয়ে ৷ জব্দ কৰা চিগাৰেট সমূহ মঙলবাৰে বঙাইগাঁৱৰ উত্তৰ শালমাৰাৰ শুল্ক বিভাগক চমজাই দিয়ে ৷ উল্লেখ্য যে,যোৱা 26 আগষ্টতো ডিব্ৰুগড়-চেন্নাই এক্সপ্ৰেছ ৰেলগাড়ীত অভিযান চলাই 112 বাণ্ডিল কোৰিয়ান চিগাৰেট জব্দ কৰিবলৈ সক্ষম হৈছিল ৷

বৰপেটাৰোডৰ ৰেল আৰক্ষীয়ে পুনৰ জব্দ কৰিলে 82 বাণ্ডিল কোৰিয়ান চিগাৰেট
Last Updated : Sep 10, 2019, 6:24 PM IST

ABOUT THE AUTHOR

...view details