কলগাছিয়া, 1 মে’: শনিবাৰে ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন তথা অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত বিষয়া মহম্মদ সোণা উল্লাহক বিনা চৰ্তে মুকলি কৰাৰ দাবীত প্ৰতিবাদত উত্তাল হৈ পৰিল কলগাছিয়াৰ ৰাজপথ ৷ বৈধ নথি পত্ৰ থকাৰ স্বত্বেও বিদেশী ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্দি কৰি ৰখা হৈছে প্ৰাক্তন সেনা বিষয়া গৰাকীক ৷ শনিবাৰে সন্ধিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷
কলগাছিয়াত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ
কলগাছিয়াত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ ৷ ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত কেপ্তেইন মহম্মদ সোণা উল্লাহক বিনা চৰ্তে মুকলি কৰাৰ লগতে অতি সোনকালে সীমান্ত আৰক্ষীৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী প্ৰতিবাদকাৰীসকল ৷
etv bharat
ইয়াৰোপৰিও, প্ৰাক্তন সেনা বিষয়া মহম্মদ সোণা উল্লাহক বিনাচৰ্তে মুকলি কৰাৰ লগতে সীমান্ত আৰক্ষীৰ মইমতালি বন্ধ কৰা দাবী প্ৰতিবাদকাৰীয়ে ৷ সীমান্ত আৰক্ষীৰ দায়িত্ব জ্ঞানহীনতাৰ বাবেই সোণাউল্লাহৰ দৰে হাজাৰ হাজাৰ নিৰীহ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু লোকে বিদেশী ন্যায়াধীকৰনত হাজিৰা দি দি যমৰ যাতনা সহ্য কৰিব লগা হৈছে । গতিকে, অতি সোনকালে সীমান্ত আৰক্ষীৰ বিৰুদ্ধেও বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে ৷