বুঢ়া আৰক্ষী চকীৰ নিৰ্মম কাণ্ড;বাঘবৰত তীব্র প্ৰতিবাদ কৃষক মুক্তিৰ - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তি দাহ
বুঢ়া আৰক্ষী থানাত সংঘটিত অমানৱীয় ঘটনাৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাক কেৱল নিলম্বন কৰাতেই ক্ষান্ত নাথাকি কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠনটোৰ ৷
![বুঢ়া আৰক্ষী চকীৰ নিৰ্মম কাণ্ড;বাঘবৰত তীব্র প্ৰতিবাদ কৃষক মুক্তিৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4482433-thumbnail-3x2-kmss.jpg)
বৰপেটা, ১৮ ছেপ্টেম্বৰঃদৰঙৰ বুঢ়া আৰক্ষী থানাত সংঘটিত অমানৱীয় আৰু বৰ্বৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি যোৱাৰ সময়তে বৰপেটাৰ বাঘবৰৰ মন্দিয়াত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ ৷বুঢ়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই সংঘটিত কৰা অমানৱীয়, জঘন্য আৰু বৰ্বৰ ঘটনাৰ বিৰুদ্ধে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ৷ এই ঘটনাৰ সৈতে জড়িত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা আৰু কনিষ্টবলগৰাকীক কেৱল নিলম্বন কৰাতেই ক্ষান্ত নাথাকি ঘটনাৰ সৈতে জড়িত সকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ সংগ্ৰাম সমিতিয়ে ৷ আনহাতে দৰঙৰ আৰক্ষী অধীক্ষকৰ ওপৰতো শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷