জনীয়া, 26 নৱেম্বৰ:অৱশেষত আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিলে বিবাহ বিচ্ছেদ হোৱা পত্নী হাছিনা খাতুনক পেট্ৰ’ল ঢালি জ্বলাই হত্যা কৰা পাষাণ স্বামী হাছেম আলীয়ে (Kalgachia murder case)৷ প্ৰায় এমাহৰ অন্তত 24 নৱেম্বৰত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে হাছেমে (Killer husband surrendered)৷
পত্নীক পেট্ৰ’ল ঢালি জ্বলাই দিয়া পাষাণ স্বামীৰ আত্মসমৰ্পণ ঘটনা অনুসৰি যোৱা 23 অক্টোবৰৰ সন্ধিয়া প্ৰায় 5.30 বজাত হাছিনাই ভাত ৰান্ধি থাকোঁতে অতৰ্কিতে স্বামী হাছেম আলী পাকঘৰলৈ সোমাই আহে (Husband killed wife by pouring petrol) ৷ স্বামীয়ে পিছফালৰ পৰা আহি পত্নীলৈ লক্ষ্য কৰি এচিডৰ লগতে পেট্ৰ’ল ঢালি দিয়ে ৷ লগে লগে মহিলাগৰাকীৰ গোটেই গাত জুইয়ে আৱৰি ধৰে ৷
মহিলাগৰাকীয়ে নিজকে বচাবলৈ ঘৰৰ সমীপতে থকা এখন নদীত জাঁপ মাৰি দিয়ে ৷ এই ঘটনা ওচৰৰ লোকে প্ৰত্যক্ষ কৰি মহিলাগৰাকীৰ পৰিয়ালক খবৰ দিয়ে ৷ মহিলাগৰাকীৰ পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক নদীৰ পৰা উদ্ধাৰ কৰি 108 সেৱাৰে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যায় ৷
ইয়াৰ পিছতে মহিলাগৰাকীয়ে জীৱন-মৃত্যুৰ লগত যুঁজি যুঁজি ২৭ অক্টোবৰত চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি লৈছিল ৷ ইফালে মহিলাগৰাকীৰ পৰিয়ালে লোকে জনোৱা অনুসৰি মৃত্যুৰ পূৰ্বে হাছেম আলীসহ হাছেমৰ পিতৃয়ে চক্ৰান্ত কৰি পেট্ৰ’ল চটিয়াই জুই লগাই দিয়া বুলি স্বীকাৰোক্তি দিছিল হাছিনা খাতুনে ৷
উক্ত স্বীকাৰোক্তিৰ ভিত্তিত হাছিনা খাতুনৰ পৰিয়ালে হাছেম আলী আৰু পৰিয়ালৰ লোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ এই জঘন্য ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰি আছিল হাছেম আলীয়ে ৷
সম্প্ৰতি হত্যাকাৰী স্বামী হাছেমে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পিছতে শনিবাৰে কলগাছিয়া আৰক্ষীয়ে হত্যাকাৰী হাছেম আলীক বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে (Killer husband surrendered at Kalgachia police station)৷ পত্নীহন্তা হাছেমক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে হাছিনাৰ পৰিয়ালৰ লোকে ৷
লগতে পঢ়ক:Rape case at Kaladhungi : 42 বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল আঢ়ৈ বছৰীয়া কণমানি