বৰপেটা, ৫ ডিচেম্বৰ :অসমৰ চুক কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাবোৰক উপযুক্ত মঞ্চলৈ আগবঢ়াই নিয়াৰ লক্ষ্যৰে অসম চৰকাৰৰ উদ্যোগত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা খেল মহাৰণৰ প্ৰতিযোগিতা সমূহ আজি বৰপেটা বিধানসভা সমষ্টিত আৰম্ভ হৈছে । বৰপেটাৰ পৌৰসভাৰ খেলপথাৰত আয়োজিত খেল মহাৰণ প্ৰতিযোগিতা মঙলবাৰে কৰে বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল কুমাৰ দাসে ।
সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাৰ আজিৰ প্ৰথম দিনা এথলেটিকছ আৰু ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছে । কাইলৈ হাউলীত কাবাদী আৰু খো খো প্ৰতিযোগিতা অনুষ্ঠিত হ'ব বুলি উদ্য়োক্তাসকলে সদৰী কৰিছে । এই আয়োজন সন্দৰ্ভত বৰপেটা জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল কুমাৰ দাসে কয় যে জিলাখনৰ ৯৮ খন গাঁও পঞ্চায়ত আৰু দুখন পৌৰসভা অন্তৰ্ভুক্ত হৈ থকা বৰপেটা বিধানসভা সমষ্টিৰ প্ৰতিভাবান খেলুৱৈসকলে খেল মহাৰণৰ জৰিয়তে নিজৰ প্ৰতিভা দাঙি ধৰিবলৈ সক্ষম হৈছে ।