বৰপেটা, 17 ডিচেম্বৰ: বৰপেটাৰ সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা (kayakuchi book and trade fair) ৷ কয়াকুছিৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভাৰম্ভ অনুষ্ঠানত চিন্তাবিদ হাইদৰ হুছেইন, শিক্ষাবিদ ড৹ দীনেশ বৈশ্য, ড৹ জগদীশ পাটগিৰি, থানেশ্বৰ মালাকাৰ, ছাহজাহান তালুকদাৰ, অভিনেত্ৰী কল্পনা কলিতাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
সৰুক্ষেত্ৰীৰ কয়াকুছিৰ দৰে সংখ্যালঘু অধ্যুষিত অঞ্চলত গ্ৰন্থমেলা অনুষ্ঠিত কৰাত সন্তুষ্টি প্ৰকাশ কৰে বিশিষ্ট শিক্ষাবিদ ড৹ দীনেশ বৈশ্যই ৷ অসমীয়া জাতি আৰু ভাষাটোৰ বৰ্তমানৰ মৃতপ্ৰায় অৱস্থটোক লৈ উদ্বেগ প্ৰকাশ কৰে শিক্ষাবিদগৰাকীয়ে ৷