বৰপেটা সত্ৰত আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ প্ৰথম শ্বুটিং - assam news
বৰপেটা সত্ৰৰ পৰাই বি এইছ কলেজলৈ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ৰাওনা হয় জুবিন ৷ তাৰ পাচতেই কাঞ্চনজংঘাৰ টীম লৈ বজালীত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে জুবিনে
![বৰপেটা সত্ৰত আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ প্ৰথম শ্বুটিং](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4230276-thumbnail-3x2-llaaa.jpg)
বৰপেটা সত্ৰত আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ প্ৰথম শ্বুটিং
বৰপেটা ২৪ আগষ্ট: বৰপেটা সত্ৰত উপস্থিত যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ ৷ পত্নী গৰিমা গাৰ্গসহ সত্ৰত উপস্থিত হৈ সেৱা ললে জুবিনে ৷ জুবিনৰ কাঞ্চনজংঘাৰ প্ৰথম দৃশ্য গ্ৰহণ বৰপেটা সত্ৰৰ পৰাই আৰম্ভ হোৱা বুলি মন্তব্য কৰে শিল্পীগৰাকীয়ে ৷ বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ ফাকুৱাৰ দিনটোত কাঞ্চনজংঘাৰ দৃশ্য গ্ৰহণ আৰম্ভ হৈছিল বুলিও মন্তব্য কৰে জুবিন গাৰ্গে ৷ সত্ৰৰ পৰাই বি এইছ কলেজলৈ কাঞ্চনজংঘাৰ প্ৰচাৰৰ বাবে ৰাওনা হয় জুবিন ৷ তাৰ পাচতেই কাঞ্চনজংঘাৰ টীম লৈ বজালীত উপস্থিত হ'ব বুলি জানিবলৈ দিয়ে জুবিনে ৷
বৰপেটা সত্ৰত আৰম্ভ হৈছিল কাঞ্চনজংঘাৰ প্ৰথম শ্বুটিং