অসম

assam

By

Published : Mar 11, 2021, 6:43 AM IST

Updated : Mar 11, 2021, 10:16 AM IST

ETV Bharat / state

বিজেপিৰ পৰা টিকট বঞ্চিত কমলেশ্বৰ মেধিৰ পাটাছাৰকুছিত নিৰ্দলীয় প্ৰতিদ্বন্দিতা

শিক্ষিত লোকৰ অধিক হাৰৰ এটা সমষ্টি হিচাপে চিহ্নিত পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে এজন প্ৰাৰ্থী উলিয়াব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক আখ্যা দিলে বিজেপিৰ পৰা প্ৰাৰ্থীত্বৰ টিকত বঞ্চিত কমলেশ্বৰ মেধিয়ে ৷ বিজেপিৰ পৰা টকা লওঁক আৰু কমলেশ্বৰক ভোট দিয়ক শ্লোগানেৰে আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ পৰা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব এইগৰাকী নেতাই ।

Kamalaswar medhi contest as Independent candidate of assembly election
বিজেপিৰ পৰা টিকত বঞ্চিত কমলেশ্বৰ মেধিৰ পাটাছাৰকুছিত নিৰ্দলীয় প্ৰতিদ্বন্দিতা

পাঠশালা, 11 মাৰ্চ: শিক্ষিত লোকৰ অধিক হাৰৰ এটা সমষ্টি হিচাপে চিহ্নিত পাটাছাৰকুছি সমষ্টিত বিজেপিয়ে এজন প্ৰাৰ্থী উলিয়াব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক আখ্যা দিলে বিজেপিৰ পৰা প্ৰাৰ্থীত্বৰ টিকত বঞ্চিত কমলেশ্বৰ মেধিয়ে ৷ বিজেপিৰ পৰা টকা লওঁক আৰু কমলেশ্বৰক ভোট দিয়ক শ্লোগানেৰে আগন্তুক বিধান সভা নিৰ্বাচনত পাটাছাৰকুছি সমষ্টিৰ পৰা এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াব এইগৰাকী নেতাই ।

অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা কমলেশ্বৰ মেধিৰ মূল প্ৰতিদ্বন্দি হব বুলি মন্তব্য কৰি পাটাছাৰকুছি সমষ্টিৰ বিভিন্ন দল সংগঠনে তেওঁক সমৰ্থন আগবঢ়োৱা বুলি জানিবলৈ দিয়ে কমলেশ্বৰ মেধিয়ে ।

উল্লেখ্য যে, ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত কমলেশ্বৰ মেধিয়ে পাটাছাৰকুছি সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই ১২,৩০৬ টা ভোট লাভ কৰি তৃতীয় স্থানত অৱতীৰ্ণ হৈছিল । ইপিনে ২০০৬ চনত সৰুক্ষেত্ৰী সমষ্টিৰ পৰা অগপৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰি ২৩,৫৯৩ টা ভোট লাভ কৰি দ্বিতীয় স্থানত আৰু ২০১১ চনত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দিতা আগবঢ়াই তৃতীয় স্থানত দখল কৰিবলৈ সক্ষল হৈছিল কমলেশ্বৰ মেধিয়ে । অৱশ্যে এইবাৰৰ নিৰ্বাচনত সমষ্টিটোত কমলেশ্বৰ মেধিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কিমান প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয় সেয়া সময়েহে নিৰ্ধাৰণ কৰিব ।

লগতে পঢ়ক:5 কিল’মিটাৰ পদযাত্ৰাৰে ৰঞ্জিত দত্তৰ নিৰ্বাচনী প্ৰচাৰ

Last Updated : Mar 11, 2021, 10:16 AM IST

ABOUT THE AUTHOR

...view details