অসম

assam

ETV Bharat / state

নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মহাপ্ৰয়াণ

মহাপ্ৰয়াণ ঘটিল মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ ৷ সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷

By

Published : Aug 11, 2020, 4:23 PM IST

SATRADHIKAR NARAYAN CHANDRA DEVA GOSWAMI DEAD
নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মহাপ্ৰয়াণ

বৰপেটা, ১১ আগষ্টঃবৈষ্ণৱ পণ্ডিত, সত্ৰীয়া সংস্কৃতিৰ সাধক তথা মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মঙলবাৰে মহাপ্ৰয়াণ ঘটে ৷ উল্লেখযোগ্য যে, একেধাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটা, শংকৰদেৱ শিল্প সাধনা বঁটা, চন্দ্ৰ কান্ত হীৰা প্ৰভা বঁটা, মাখন প্ৰসাদ দুৱৰা বঁটা, জীৱনজোৰা সাধনা বঁটা, গুৰু শংকৰ মাধৱ বঁটা, কৃষ্ণ নন্দন দুৱৰা বঁটা, সত্ৰৰত্ন, সংস্কৃতি ভূষন আদি কুৰিৰো অধিক বঁটা লাভ কৰিছিল সত্ৰাধিকাৰগৰাকীয়ে ৷

নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ মহাপ্ৰয়াণ

নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ বৈকুন্ঠ প্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ শৰ্মাই ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীয়ে নাৰায়ণ চন্দ্ৰ গোস্বামীৰ বৈকুন্ঠপ্ৰাপ্তি়ত শোক প্ৰকাশ কৰি তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে নতুন কমলাবাৰী সত্ৰৰ সমুহ সত্ৰবাসী ভক্তৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছে ৷

উল্লেখ্য যে, নাৰায়ণ চন্দ্ৰ গোস্বামী সত্ৰীয়া সংস্কৃতি আৰু ধৰ্মীয় নীতি আচাৰৰ গুৰি ধৰোতা আছিল আৰু তেওঁ সমাজলৈ যি অবদান আগবঢ়াই গৈছে সেয়া চিৰদিন থাকিব বুলিও উল্লেখ কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ তিনিদিন পূৰ্বে টেলিফোন যোগে তেওঁৰ স্বাস্থ্যৰ খা-খবৰ লৈছিল আৰু তেওৰ আশু আৰোগ্য কামনা কৰিছিল বুঢ়াসত্ৰীয়া গৰাকীয়ে ৷ পিছে দুদিন পিছতে সত্ৰীয়া সংস্কৃতিৰ সাধক গৰাকীৰ বৈকুন্ঠ প্ৰয়াণত বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ গৰাকী শোকদগ্ধ হৈ পৰিছে ৷ বৰপেটা সত্ৰৰ সমূহ ভকতৰ লগতে বৰপেটা সত্ৰৰ ২৬২ খন শাখা সত্ৰ সমাজৰ সমুহ ভকতৰ হৈ বুঢ়াসত্ৰীয়া গৰাকীয়ে মঙলবাৰে শোক প্ৰকাশ কৰি সত্ৰাধিকাৰ গৰাকীৰ আত্মাৰ সদ্গতি কামনা কৰে ৷

লগতে পঢ়ক- দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী

ABOUT THE AUTHOR

...view details